অসমত শেহতীয়াকৈ ক’ভিড পৰিস্থিতি যথেষ্ট উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সোমবাৰে নতুন SOP জাৰি কৰিছে। এই নতুন SOPৰ নীতি-নিয়ম কাইলে পুৱা ৫.০০ বজাৰ পৰা প্ৰযোজ্য হ’ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেলত এই নতুন এছঅ’পিৰ কথা ঘোষণা কৰে।
ৰাজ্যৰ প্ৰতিখন জিলাতে দিনৰ ভাগত কাৰ্ফিউ শিখিল। সন্ধিয়াৰ সময়তহে সান্ধ্য আইন বাহাল থাকিব। সন্ধিয়া ৬.০০ বজাৰ পৰা পাছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন ৰাজ্যৰ প্ৰতিখন জিলাতে।
সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।
লগতে আন্তঃজিলা যাতায়ত পূৰ্বৰ দৰে বাহাল থাকিব বুলি কয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ দুখন জিলা লখিমপুৰ আৰু গোলাঘাট জিলাৰ পূৰ্বৰ নিয়ম উঠাই সমগ্ৰ ৰাজ্যৰ দৰেই একে SOP জাৰি কৰে সোমবাৰে ৷ ১৫ আগষ্টৰ পিছত নতুন SOP জাৰি হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
Photo: Google





























Discussion about this post