যাত্ৰাৰ সময়ত বেগত ৰাখক প্ৰয়োজনীয় বস্তু
যাত্ৰাৰ সময়ত বেগত কিছুমান এনেকুৱা বস্তু ৰাখক যি বমি (Vomiting) আৰু মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সময়ত আপোনাৰ বাবে উপযোগী হ’ব পাৰে। ইয়াৰ জৰিয়তে আপোনাৰ সমস্যাৰ শীঘ্ৰে চিকিৎসা হ’ব আৰু যাত্ৰাও স্মৰণীয় হ’ব।
কল (Banana)
যদি আপোনাৰ জিভা লেপলেপাই তেন্তে কল নিশ্চয় খাওঁক, কল বেগত লৈ যোৱাটো অতি সহজ আৰু আপুনি বমিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াক ডাইৰেক্ট খাওক যাতে পেটৰ কোনো সমস্যা নহয়।
নেমু (Lemon)
নেমুক স্বাস্থ্যৰ ভাণ্ডাৰ বুলি গণ্য কৰা হয়, ইয়াৰ ৰসত পেটৰ সকলো সমস্যা আঁতৰ কৰাৰ ক্ষমতা থাকে। যেতিয়াই আপুনি অস্বস্তি অনুভৱ কৰে তেতিয়া নেমুৰ ৰস নিমখ আৰু পানীৰ সৈতে মিহলি কৰি খাওক, ই তাৎক্ষণিক সকাহ প্ৰদান কৰিব।
আদা (Ginger)
যাত্ৰাৰ সময়ত নিজৰ সৈতে আদা নিশ্চয় ৰাখক কাৰণ কিয়নো ই বমি আৰু ওকালি অহা সমস্যাৰ পৰা পৰিত্ৰাণ দিয়াত উপযোগী। আপুনি আদাৰ কেণ্ডি, আদাৰ চাহ পেক কৰি লৈ যাব পাৰে। যদি আপুনি এই মচলাটো গুৰি কৰে আৰু গৰম পানীৰে খায়, তেন্তে পেটৰ জ্বলা-পোৰা আঁতৰি যাব।
পুদিনা (Mint)
বিশেষকৈ গ্ৰীষ্মকালত বহু লোকৰ ভ্ৰমণ সমস্যাৰে পৰিপূৰ্ণ হৈ থাকে, সেইসকল লোকে নিজৰ লগত পুদিনা পাত, মিণ্ট টেবলেট বা ইয়াৰ চৰবত নিশ্চয় লগত ৰাখক। যেতিয়াই আপুনি অসুবিধা অনুভৱ কৰে লগে লগে কাই দিয়ক।
Photo: Google




























Discussion about this post