Side Effects Of Grapes: আঙুৰৰ টেঙা মিঠা সোৱাদ খাওঁতে বহুত ভাল লাগে। কিছুমান মানুহে আঙুৰ খাই বহুত ভাল পায়। আঙুৰ খালে শৰীৰে বহুতো ভিটামিন, মিনাৰেলছ্ আৰু এণ্টিঅক্সিডেণ্ট লাভ কৰে। আঙুৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী, কিন্তু আপুনি জানেনে যে অত্যাধিক আঙুৰ খালে আপোনাৰ বহুপ্ৰকাৰৰ ক্ষতি হ’ব পাৰে। অধিক আঙুৰ সেৱন কৰিলে ওজন বৃদ্ধি (Weight Gain) হয়। আঙুৰ যথেষ্ট মিঠা, অত্যাধিক খোৱাৰ ফলত কিডনীৰ (Kidney) সমস্যা হোৱাৰ আশংকা থাকে। সেয়েহে আপুনি কেৱল সীমিত পৰিমাণতহে আঙুৰ খাব লাগে। অত্যাধিক আঙুৰ খোৱাৰ ফলত কি ক্ষতি হ’ব পাৰে আহক জানো…
আঙুৰ (Grapes) খোৱাৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতি
১- ওজন বৃদ্ধি – অত্যাধিক আঙুৰ খালে মেদবহুলতা বৃদ্ধি হ’ব পাৰে। আঙুৰ যথেষ্ট মিঠা হয়। ইয়াত যথেষ্ট পৰিমাণৰ কেলৰি থাকে। অধিক কেলৰি গ্ৰহণৰ ফলত ওজন বৃদ্ধি হ’বলৈ ধৰে। আঙুৰত ভিটামিন-কে, থায়মিন, প্ৰ’টিন, চৰ্বি, ফাইবাৰ আৰু কপাৰ থাকে। অত্যাধিক আঙুৰ খোৱাটোৱে ওজন বৃদ্ধিৰ আশংকা বহন কৰে।
২- ডায়েৰিয়া – যিসকল লোকে প্ৰয়োজনতকৈ বেছি আঙুৰ খাই তেওঁলোকৰ ডায়েৰিয়া হোৱাৰ আশংকা বৃদ্ধি হয়। আঙুৰ মিঠা হোৱা কাৰণে পেটৰ সৈতে জড়িত সমস্যা সৃষ্টি হ’ব পাৰে। সেইকাৰণে কোৱা হয় যে পেট বেয়া হৈ থাকিলে অত্যাধিক মাত্ৰাত আঙুৰৰ সেৱন কৰিব নালাগে।
৩- কিডনীৰ সৈতে জড়িত সমস্যা – ডায়েবেটিচ আৰু কিডনীৰ সমস্যা থকা লোকসকলে বেছি আঙুৰ খাব নালাহে। ইয়াৰ দ্বাৰা ক্ৰনিক কিডনী ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়। ডায়েবেটিচ ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ (Blood Suger Level) বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। অত্যাধিক আঙুৰ খোৱাৰ ফলত কিডনী আৰু ডায়েবেটিচৰ আশংকা বৃদ্ধি হয়।
৪- এলাৰ্জিৰ সমস্যা- অধিক আঙুৰ খোৱা লোকৰ হাত আৰু ভৰিত এলাৰ্জিৰ সমস্যাও আহিব পাৰে। আঙুৰত তৰল প্ৰ’টিন স্থানান্তৰ হয় যাৰ ফলত এলাৰ্জিৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত খজুৱতি, দাগ, মুখ ফুলা হ’ব পাৰে। অত্যাধিক আঙুৰ খালে এনাফাইলেক্সিছৰ সমস্যাও হ’ব পাৰে।
৫- গৰ্ভাৱস্থাত সমস্যা – আঙুৰত পলি ফেনল নামৰ উপাদান থাকে। ইয়াৰ ফলত পেটত থকা কেঁচুৱাটোৰ অগ্ন্যাশয়ৰ সমস্যা হ’ব পাৰে। গৰ্ভাৱস্থাত অত্যাধিক আঙুৰ খোৱাটোৱে গৰ্ভধাৰণৰ ডায়েবেটিচৰ আশংকাবৃদ্ধি কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-train-accident-at-dhubri-in-assam/6965/
Discussion about this post