শাক-পাচলি আৰু ফলৰ ভিতৰত মানুহে বেছি সমাদৰ কৰে বিলাহীক (Tomato)। বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। কিন্তু কিন্তু আপুনি জানেনে বিলাহীৰ আছে বহুকেইটা আশ্চৰ্যকৰ লাভালাভ।
বিলাহীৰ লাভালাভ (Tomato Benefits)-
বিলাহীত (Tomato) ভিটামিন A, B1, B2, B3, B5, B6, B9, B12, C, D, K থাকে।
বিলাহীত (Tomato) যিহেতু ভিটামিন A থাকে সেয়ে চকুৰ দৃষ্টিশক্তিৰ বাবে অত্যন্ত উপকাৰী। চকুৰ ৰোগসমূহ চকুৰ বেমাৰ, কুকুৰীকণাৰ দৰে ৰোগ প্ৰতিৰোধ কৰে।
বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ হ্ৰাস কৰে।
বিলাহীত থকা পটেচিয়ামে ৰক্তচাপ কমাই, পটেচিয়ামে তেজৰ নলী বহলাই ৰাখে, সেয়ে বিলাহী খালে উচ্চ ৰক্তচাপ কমাই।
বিলাহীত যিহেতু এণ্টিঅক্সিডেণ্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে সেয়ে চুলিৰ বাবেও উপকাৰী। চুলি উজ্জ্বল আৰু শক্তিশালী কৰি তোলে।
বিলাহীয়ে তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।
বিলাহী খালে স্তনৰ কেঞ্চাৰ প্ৰতিৰোধ, পাকস্থলী, বৃহদান্ত্ৰ, বদহজম, জণ্ডিচ ৰোগ আৰু ছালৰ খজুৱতি দূৰ কৰে।
বিলাহীয়ে শৰীৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।
বিলাহীত থকা ভিটামিন-চিয়ে দাঁত মজবুত কৰে আৰু দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগ নিৰাময় কৰে।
স্কার্ভিৰোগ নিৰাময় ও শিশুৰ শৰীৰৰ বৃদ্ধিত বিলাহীৰ উপাদানবোৰে সহায় কৰে।
নিয়মিত দুই-এটা কৰি বিলাহী খালে ৰক্তশূন্যতা ৰোধ হয়, মুখৰ সৌন্দৰ্য বৃদ্ধি হয়, চালখন সতেজ, কোমল আৰু উজ্জ্বল হয়।
বিলাহীয়ে (Tomato) কোষ্ঠকাঠিন্যতা দূৰ কৰে।
বিলাহীত (Tomato) পোৱা যায় লাইকোপিন নামৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট, যিয়ে পুৰুষৰ প্রষ্টেড আৰু উভয় লিংগৰ হাঁও-ফাঁওৰ কেঞ্চাৰ প্রতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
Photo: Google




























Discussion about this post