যিদৰে পকা অমিতা আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী, সেইদৰে কেঁচা অমিতাও (Raw Papaya) উপযোগী। কেঁচা অমিতাও পেটৰ ৰোগবোৰো আৰোগ্য কৰে। ইয়াৰ লগতে গাঁঠিৰ সমস্যাটো কেঁচা অমিতা ব্যৱহাৰ কৰা হয়। ওজন হ্ৰাস কৰিবলৈয়ো কেঁচা অমিতা খাব পাৰে। আপোনালোকৰ জ্ঞাতাৰ্থে কেঁচা অমিতাত অমিতাত পেপন নামৰ পদাৰ্থ থাকে, যি আপোনাৰ শৰীৰৰ বাবে যথেষ্ট ভাল। যদি কেঁচা অমিতা সঠিক পৰিমাণত খাই তেনেহ’লে ই হজমৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। গতিকে আহক জানো ইয়াৰ বাহিৰেও কেঁচা অমিতাৰ আৰু কি আছে লাভালাভ।
এনেদৰে খাওক কেঁচা অমিতা (Raw Papaya)
আপোনালোকক জনাওঁ যে পুৱাৰ সময়ত ফলৰ সেৱন কৰাটো যথেষ্ট ভাল। সেয়েহে অমিতাৰ সেৱনো পুৱা কৰিলে বেছি লাভ পোৱা যায়। অমিতা আপোনাৰ পেটৰ বাবে এটা উপযোগী ফল। সেয়েহে চেষ্টা কৰক খালী পেটত কেঁচা অমিতা খাবলৈ। বহুলোকে কেঁচা অমিতা ছবজী বনায়ো খায়।
যিকোনো আঘাত নিৰাময় কৰাত সহায়ক (Raw Papaya)
কেঁচা অমিতাত থকা ভিটামিন আৰু অন্যান্য পুষ্টিয়ে আপোনাৰ ছাল স্বাস্থ্যৱান কৰি তোলে। ইয়াৰ ব্যৱহাৰে শৰীৰৰ যিকোনো আঘাত বা ঘাঁ আৰোগ্য কৰাৰ ক্ষমতা বৃদ্ধি কৰে। গতিকে যিসকলে কেঁচা অমিতা পচন্দ নকৰে তেওঁলোকে ইয়াক পচন্দ কৰি ল’ব পাৰে।
Photo: Google
Discussion about this post