দৈনন্দিন খাদ্যপ্ৰণালীত কঠালৰ ফল আৰু ইয়াৰ তৰকাৰী খাই মানুহে বহুত ভাল পায় আৰু কোনো সন্দেহ নাই যে ইয়াক খাবলৈ যথেষ্ট সোৱাদযুক্ত। কেঁচা কঠালৰ (Raw Jackfruit) লগতে পকা কঠালৰ গুটিৰো (Seed) আছে বহু গুণাগুণ। গৰমত কঠাল পকাৰ আগতে ৰান্ধনী ঘৰত ৰাজত্ব কৰে ৷ ফাগুন-চ’তৰ সন্ধিক্ষণত কঠালৰ তৰকাৰী বহুতৰে প্ৰিয় খাদ্য। (Health benefits of raw jackfruit)। যদি কটাৰ এলাহতে নাখায় তেন্তে আপোনাৰে হ’ব লোকচান, পিছে আহক জানো ইয়াৰ গুণাগুণ।
প্ৰথমে কেঁচা কঠালৰ (Raw Jackfruit) লাভালাভ জানি লওঁ আহক-
১. ইয়াত ভিটামিন এ থাকে। ই দৃষ্টিশক্তি ভাল ৰাখে। ই ৰেটিনাৰ ক্ষতি প্ৰতিহত কৰাৰ লগতে চকুৰ সামগ্ৰিক স্বাস্থ্যৰ যত্ন লয়।
২. ভিটামিন চি-য়ে ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে। ই ইয়াৰ এণ্টিঅক্সিডেণ্ট আৰু কৰ্কট ৰোগ আৰু টিউমাৰ হোৱাৰ আশংকা আঁতৰ কৰে। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদযন্ত্ৰও স্বাস্থ্যৱান কৰে।
৩. কেঁচা কঠালে হজম বৃদ্ধি কৰি পাকস্থলীৰ স্বাস্থ্য উন্নত কৰে। এণ্টিঅক্সিডেণ্টে ছালৰ কোঁচ হ্ৰাস কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।
৪. আইৰণৰৰ উপস্থিতিৰ বাবে, এনিমিক ৰোগীৰ আহাৰতো কঠাল ৰখাটো প্ৰয়োজন।
৫. পটাছিয়াম আৰু মেগনেছিয়াম সমৃদ্ধ কঠালে হাড়ৰ ঘনত্ব বঢ়াই হাড় শক্তিশালী কৰি তোলে।
পকা কঠালৰ গুটিৰ (Jackfruit Seeds)লাভালাভ জানি লওঁ আহক-
যিদৰে কঠালৰ গুণাগুণসমূহ স্বাস্থ্যৰ লগত জড়িত হৈ আছে, সেইদৰে ইয়াৰ গুটিবোৰো পুষ্টিকৰ গুণেৰে সমৃদ্ধ এক উত্তম আহাৰ বুলি সৰ্বজনবিদিত। সাধাৰণতে কঠালৰ গুটিসমূহ মানুহে দাইলত দি অথবা পিটিকা কৰি খোৱা দেখা যায় ।
১. কঠালৰ গুটিত (Jackfruit Seeds) ডাইট্ৰি ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে আৰু কেলৰি কম পৰিমাণে পোৱা যায়, যাৰ ফলত ই ওজন হ্ৰাস কৰাত সহায়ক হয় ।
২. কঠালৰ গুটিত মেগনেচিয়াম, মেংগানিজৰ দৰে পোষক তত্ব অধিক পৰিমাণে পোৱা যায়, যি হাড়বিলাকত হোৱা কেলচিয়ামৰ অৱশোষণত সহায়ক হয়। লগতে ই শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সুচল কৰি তোলাত সহায় কৰে ।
৩. কঠালৰ গুটিত ষ্টাৰছ পোৱা যায়, যি আমাৰ শৰীৰক শক্তি প্ৰদান কৰে। শক্তিৰ বাবে ই এবিধ সুন্দৰ উৎস, যি সোৱাদযুক্তও হয়।
৪. কঠালৰ গুটিত এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে পোৱা যায়, যি বৰ্ধিত বয়সৰ গতি মন্থৰ কৰাৰ লগতে আপোনাক অৱসাদ মুক্ত কৰি ৰখাত যথেষ্টখিনি সহায়ক হয়।
৫. কঠালৰ গুটিত লিগ্নেন্ছ, আইছফলেবন্ছ, চেপনিন্ছ তথা অন্য লাভজনক ফাইটনিউট্ৰিয়েন্ছ পোৱা যায়, যি শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ বাবে উপকাৰী।
৬. সৌন্দৰ্য্য চৰ্চাত কঠালৰ গুটিঃ কেইটামান কঠালৰ শুকান গুটি অলপমান গাখীৰ আৰু মৌত কিছুসময় তিয়াই থৈ পিছত সেইখিনি মিহিকৈ পিহি পেষ্ট তৈয়াৰ কৰি মুখ-মণ্ডলত সানি কিছুসময় ৰৈ শুকাবলৈ দিব লাগে আৰু তাৰ পিছত পৰিষ্কাৰ পানীৰে ধুই পেলাই কেইমিনিট মানৰ ভিতৰতে মুখৰ ছাল নিমজ আৰু মসৃণ কৰি তুলিব পাৰিব।
৭. কঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায়। মচুৰ দাইলত দি বইল কৰা কঠালৰ গুটি খাবলৈ বৰ তৃপ্তিদায়ক আৰু ই যথেষ্ট পুষ্টিকাৰক প্ৰকৃতিৰ।
Photo: Google
Discussion about this post