ডালিম (Pomegranate) এবিধ ফল ইয়াৰ উপকাৰিতা বহুত, এটা ডালিমে ১০০টা বেমাৰৰ পৰা হাত সাৰিব পৰা শক্তি পোৱা যায়। ইয়াৰ গছ পাত ফল ফুল বাকলি সকলোতে ঔষধীয় গুণ আছে। ডালিম (Pomegranate) খালে আমাৰ শৰীৰে যথেষ্ট পৰিমানত পুষ্টি লাভ কৰে। মানুহৰ মাজত বিভিন্ন ধাৰণা থাকে যে ডালিম খালে অধিক লাভ পোৱা যায় নে ইয়াৰ জুইচ খালে। ছুগাৰ বৃদ্ধি হোৱা লোকসকলেও ইয়াক লৈ বিভ্ৰান্তিত পৰে।
আহক জানো ডালিমৰ (Pomegranate) লাভালাভবোৰ কি কি?
১. আমাৰ শৰীৰত দৈনিক কিছুমান অপ্ৰয়োজনীয় পদাৰ্থ যাক Free Redical কয় ই শৰীৰৰ কাৰণে বেয়া পদাৰ্থ ইয়াৰ উপস্থিত শৰীৰৰ যথেষ্ট ক্ষতিসাধন হয়। ডালিমৰ ৰসত থকা এণ্টিঅক্সিডেণ্টে এই পদাৰ্থবোৰক নিয়ন্ত্ৰণ কৰি ৰাখে।
২. এটা ডালিমৰ ৰস দৈনিক খালে দেহত প্ৰয়োজন হোৱা ৪০ শতাংশ ভিতামিন C পাব পাৰি। কাম কৰা ফলত আমাৰ দেহত ভিতামিন C হ্ৰাস পায় আৰু ডালিমৰ ৰস খাই ইয়াৰ প্ৰয়োজনতা দূৰ কৰিব পৰি।
৩. ডালিমৰ ৰস খালে মাৰাত্মক কেঞ্চাৰ ৰোগৰ বেক্টেৰিয়াক বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু কিছু পৰিমাণে হ্ৰাসো কৰে।
৪. আলজাইমা মগজুৰ এবিধ বেমাৰ এই বেমাৰৰ ফলত স্মৃতি শক্তি হ্ৰাস পায় সাধাৰণতে ৬০ বছৰৰ পিছত হোৱা দেখা যায় যদিও আজিকালি কম বয়সতো হয়। ডালিমৰ ৰস খালে এই বেমাৰৰ পৰা হাত সাৰিব পৰা যায় আৰু স্মৃতি শক্তি বৃদ্ধি হয়।
৫. ডালিমৰ ৰস খালে হজম শক্তি বৃদ্ধি হয় যাৰ ফলত Crohn’s disease, Ulcerative Colitis আদিৰ পৰা যথেষ্ট উপকৃত হ’ব পাৰি।
৬. ডালিমৰ ৰস খালে তেজত হিমগ্ল’বিন বৃদ্ধি হয়।
৭. দাঁতৰ সমস্যাৰ কাৰণে ডালিমৰ ৰস ভাল। দাঁতত থকা বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।
৮. লিভাৰৰ কাৰণে ই অতি উপকাৰী।
৯. চুলিৰ কাৰণেও ই যথেষ্ট উপকাৰী।
১০. ডালিমৰ গুটি খালে পায়েৰিয়া আৰু আলুৰ পৰা তেজ ওলোৱা বন্ধ হয়।
১১. ডালিমৰ ৰসে অতিশয় শ্ৰান্তিনাশক, জ্বৰ, অতিসাৰ, কাঁহ, শ্বাস, অৰুচি, তৃষ্ণতা, গ্ৰহণী, বায়ুপিত্ত আৰু কফ বেমাৰ ৰোধ কৰে।
১২. ডালিম গছৰ পাতে কৃমি নাশ কৰে।
১৩. ডালিম গছৰ বাকলি ৰক্তৰোধক, অগ্নিবৰ্ধক, পাচক আৰু অতিসাৰ নিবাৰক।
১৪. ডালিমৰ ফুলে ৰক্তক্ষৰণ হোৱাত ৰোধ কৰে।
১৫. ডালিমে মুখৰ দুৰ্গন্ধ নষ্ট কৰে।
১৬. ডালিমৰ শুকান পাত চাহৰ নিচিনাকৈ গৰম পানীত তিয়াই খালে অতিসাৰ, গ্ৰহণী ৰোগ নিৰাময় কৰে।
১৭. ডালিম হৃদৰোগৰ বাবে উপকাৰী।
১৮. শৌচৰ লগত তেজ, শাঁও পৰিলে ডালিমৰ পাতৰ ৰস বা ফলৰ বাকলিৰ ৰস বা কহ খাব লাগে।
১৯. ডায়েৰিয়া হ’লে ৫০ মিলিলিটাৰমান ডালিমৰ ৰস সঘনে খাব লাগে।
২০. ডালিমে পাচন ক্ৰিয়া মজবুত কৰে। পেটৰ যিকোনো ৰোগ- অৰুচি, অজীৰ্ন, আমাশয়, অতিসাৰ, হাগনি, তেজহাগনি, গেছ বা অম্লতা (Acidity) পিত্তৰোগ , অৰ্শ (Pilse), ভগন্দৰ আদিৰ বাবে ডালিমৰ ৰস, বীজ পাত,কলি, চাল আদি সকলো অংশই মহৌষধী।
২১. পেটৰ কৃমি নাশ কৰাৰ বাবে ডালিম ফল, ফলৰ বাকলি, পাত, কলি, গা-গছ বা শিপাৰ ছাল আদি সকলো অংশই মহৌষধ।
২২. যকৃত (Liver), হৃদপিণ্ড (Heart), বৃক্ক (Kidney) আদিৰ সুৰক্ষাৰ বাবে ডালিম উত্তম ফল।
২৩. গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ সন্তানৰ স্বাস্থ্য সুৰক্ষাৰ বাবে ডালিম অতিকে সুষম ফলাহাৰ।
২৪. মহিলাৰ অধিক ঋতুস্ৰাৱ সমস্যাত উপকাৰী।
২৫. পুৰুষ মহিলাৰ যৌন দুৰ্বলতাৰ বাবে নিয়মিত এটাকৈ ডালিম সেৱন অতি ফলপ্ৰদ।
২৬. স্বপ্নদোষ বা ধাতুদুৰ্বলতাৰ সমস্যাত ডালিম খোৱাৰ লগতে বাকলিৰ শুকান চূৰ্ন এচামুচ এগিলাচ ঠাণ্ডা পানীৰে শোৱাৰ আগতে খাব।
২৭. শৰীৰত বগাদাগ পৰিলে ডালিম খাব আৰু ৰস লাল চন্দন লেপ দিব।
২৮. ঘা, ফোহোৰা, পোৰা ঘা, খজুৱতি আদিত ডালিমৰ পাত বতি লেপ লগাব।
২৯. ডালিমে উচ্চৰক্তচ্চাপ নিয়ন্ত্ৰন কৰে।
৩০. চুলি সৰা বন্ধ কৰিবলৈ ডালিমৰ পাত ২৫ গ্ৰাম ১০০ মিলিঃ সৰিয়হ তেলত ভাজি সেই তেল কিছুদিন মূৰত লগাব।
৩১. বাৰে বাৰে প্ৰস্ৰাৱ কৰা (বহুমূত্ৰ) ৰোগত বাকলিৰ এক চামুচ চুৰ্ণ পানীত মিহলাই দিনে তিনি বাৰ খাব।
৩২. চকুৰ বিষ আৰু ৰাতি নেদেখা (কুকুৰিকণা) ৰোগীয়ে ডালিম খোৱাৰ উপৰি ডালিমৰ পাত থেতেলি চকুৰ পতাৰ ওপৰত পাতল কাপোৰ দি লেপ দিলে উপসম হয়।
৩৩. কাণেৰে কম শুনা লোকে ডালিমৰ ৰস+ বেলপাতৰ ৰস+ ঘি+মিচিৰি মিহলাই দিনে ২বাৰ খালে শ্ৰবণ শক্তি বৃদ্ধি হয়।
৩৪. ডালিমত বহুপ্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়। বিশেষজ্ঞসকলৰ মতে, ‘ডালিম’ত পুষ্টি থাকে যি ডায়েবেটিচৰ দৰে ৰোগৰ সৈতে যুঁজ দিয়ে। ডালিমৰ গুটিয়ে ইনচুলিন সংবেদনশীলতা মেৰামতি কৰে, যি ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী। সেয়েহে, ৰোগীসকলে ৰসৰ সলনি ডালিম চোবাব লাগে।
Photo: Google
Discussion about this post