Health Benefits Of Pointed Gourd: আমি সকলোৱে জানো যে পাচলি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু কিছুমান বতৰৰ পাচলি আছে যি শৰীৰক বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে আৰু সেই পাচলিবোৰৰ ভিতৰত এটা হৈছে পটল। পটলক কেৱল সোৱাদৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়। পটলৰ বৈজ্ঞানিক নাম হৈছে ট্ৰাইকোচেণ্টেছ ডায়ক্কা ৰক্সাব। পটলত কেইবাটাও ঔষধি গুণ পোৱা যায়। পটলত ভিটামিন এ, ভিটামিন বি১, ভিটামিন বি২ আৰু ভিটামিন চি যথেষ্ট পৰিমানত পোৱা যায়। ইয়াৰ উপৰিও ই কেলচিয়ামৰ এক ভাল উৎস। ইয়াৰ বাকলিবোৰত মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছো সমৃদ্ধ। পটল হৈছে গ্ৰীষ্মকালত পোৱা এটা ঋতুগত পাচলি। আপোনালোকক জনাওঁ যে পটলৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল যে ইয়াক দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰি ৰাখিব পাৰি। পটল সেৱনে কোষ্ঠকাঠিন্য আৰু হজমৰ সমস্যা আঁতৰ কৰিব পাৰে। কেৱল এয়াই নহয়, ইয়াত পোৱা গুণাগুণবোৰ ছালৰ বাবে উপকাৰী বুলিও বিবেচনা কৰা হয়, সেয়েহে আমি আজি আপোনালোকক পটলৰ লাভালাভৰ বিষয়ে জনাম।
পটল খোৱাৰ লাভালাভ (Pointed Gourd Benefits)
১. হজম (Digestion): যদি আপোনাৰ কোষ্ঠকাঠিন্য আৰু হজমৰ সমস্যা আছে তেন্তে আপুনি আপোনাৰ আহাৰত পটল অন্তৰ্ভুক্ত কৰিব পাৰে। পটলত আলচাৰ-প্ৰতিৰোধী প্ৰভাৱ পোৱা যায়, যিয়ে পেটক আলচাৰৰ পৰা আঁতৰাই ৰখাত সহায়ক প্ৰমাণিত হ’ব পাৰে।
২. কলেষ্টেৰল (Cholesterol): বৰ্ধিত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত পটলৰ সেৱন সহায়ক। দৰাচলতে পটলত এণ্টি-হাইপাৰলিপিডেমিক গুণাগুণ আছে যি কলেষ্টেৰল হ্ৰাস কৰে।
৩. তেজ পৰিষ্কাৰ কৰা (Purify Blood): পটলে তেজ বিশুদ্ধ কৰি ইয়াৰ সৈতে সম্পৰ্কিত বহুতো ৰোগ আঁতৰ কৰাত সহায় কৰিব পাৰে। ইয়াৰ তেজ পৰিশোধক গুণ আছে, যি তেজ বিশুদ্ধ কৰাত সহায় কৰিব পাৰে।
৪. ছাল (Skin): পটলত থকা এণ্টি-অক্সিডেণ্টে বৰ্ধিত বয়সৰ লক্ষণবোৰ হ্ৰাস কৰাত সহায়ক হয়। ই মুখমণ্ডল শোতোৰা পৰা আৰু সূক্ষ্ম ৰেখা আঁতৰ কৰাত সহায়ক হ’ব পাৰে।
৫. ডায়েবেটিচ (Diabetes): ডায়েবেটিচ ৰোগীৰ বাবে পটল সেৱন উপকাৰী। পটলত এণ্টি-হাইপাৰগ্লাইচেমিক গুণাগুণ আছে। এই গুণ তেজত গ্লুকোজৰ স্তৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে।
৬. বার্ধক্য (Ageing): পটলত এণ্টি-অক্সিডেণ্ট, ভিটামিন এ আৰু চি থাকে, যি মুক্ত ৰেডিকেল অণু নিয়ন্ত্ৰণ কৰে আৰু বার্ধক্য প্ৰক্ৰিয়া হ্ৰাস কৰে।
৭. কোষ্ঠকাঠিন্যতা (Constipation): যদি আপুনি কৌষ্ঠকাঠিন্যতাৰ সৈতে যুঁজ কৰি আছে, তেন্তে পটলৰ গুটিয়ে ইয়াক দূৰ কৰাত সহায় কৰিব আপোনাক ৷
৮. ব্লাড চুগাৰ (Blood Sugar): সম্প্ৰতি ব্লাড চুগাৰ (Blood Sugar) এক জীৱন শৈলী হৈ পৰিছে আৰু ই এক বংশগত ৰোগ ৷ আপুনি আপোনাৰ আহাৰ সলনি কৰি ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে। যেতিয়াই আপুনি পটলৰ কোনো খাদ্য তৈয়াৰ কৰে তেতিয়া ইয়াৰ গুটিখিনি পেলাই নিদিব । পটলক আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক, ইয়ে আপোনাৰ ব্লাড চুগাৰ (Blood Sugar)ৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিব।
৯. ওজন হ্ৰাস (Weight Loss): পটলত অতি কম কেলৰি থাকে আৰু ই ফাইবাৰযুক্ত। যদি আপুনি নিয়মীয়াকৈ পটলৰ ব্যৱহাৰ কৰে, ইয়ে আপোনাৰ ওজন বৃদ্ধি নকৰিব। আনকি ইয়ে আপোনাৰ পেট ভৰ্তি ৰাখিব যাতে আপুনি সোনকালে ভোক অনুভৱ নকৰে৷।
১০. ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity): আয়ুৰ্বেদৰ মতে পটলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়ে আপোনাক ঋতুগত পৰিৱৰ্তনত হোৱা ফ্লু আৰু ঠাণ্ডাৰ পৰা আঁতৰত ৰাখে ।
১১. জণ্ডিচ (Jaundice): পটল লিভাৰৰ বাবে অতি লাভজনক, সেয়েহে ই জণ্ডিচৰ চিকিৎসাতো যথেষ্ট কাম কৰে। ই লিভাৰৰ কাৰ্যকলাপ বৃদ্ধি কৰে আৰু পাচন প্ৰণালী উন্নত কৰে।
Photo: Google
Discussion about this post