Onion and Garlic Peels Body Benefits: সাধাৰণতে মানুহে ফলৰ বাকলিৰ পৰা হোৱা লাভালাভৰ বিষয়ে জানে, কিন্তু আপুনি জানেনে যে ঘৰত দৈনিক ব্যৱহৃত কিছুমান পাচলিৰ বাকলিও যথেষ্ট লাভজনক হ’ব পাৰে? পিঁয়াজ আৰু নহৰুৰ বিষয়ে যদি কও মানুহে এই দুবিধ পাচলি প্ৰতিদিনে পাকঘৰত ব্য়ৱহাৰ কৰে। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বিভিন্নধৰণৰ খাদ্যত ইয়াক পৃথক-পৃথক ধৰণে ব্যৱহাৰ কৰা হয়। কিছুমান মানুহে পিঁয়াজক চালাদ হিচাপেও খাই ভাল পায়। গ্ৰীষ্মকালত গৰমৰ পৰা সুৰক্ষা দিয়াত পিঁয়াজ যথেষ্ট কাৰ্যকৰী বুলিও গণ্য কৰা হয়। মানুহে প্ৰায়ে পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰি -বাকলিবোৰ ডাষ্টবিনত পেলাই দিয়ে, সেয়েহে এইবোৰৰ লাভালাভৰ বিষয়ে আপোনালোকে জনা উচিত।
সাৰ হিচাপে ব্যৱহাৰ কৰক (For Manure)
পিঁয়াজ আৰু নহৰুৰ বাকলি পেলাই নিদি, সেইবোৰ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। এইবিলাকেৰে প্ৰস্তুত হোৱা সাৰ গছৰ পুলিৰ বাবে যথেষ্ট ভাল বুলি গণ্য কৰা হয়। পিঁয়াজ আৰু নহৰুৰ বাকলিত যথেষ্ট পৰিমাণৰ কেলচিয়াম, আইৰন, মেগনেছিয়াম আৰু কপাৰ থাকে।
চুলিৰ বাবে উপকাৰী (For Hair)
পিঁয়াজৰ বাকলিৰে চুলিবোৰ যথেষ্ট উজ্বল হৈ পৰে। পিঁয়াজৰ বাকলি পানীত উতলাই, এই পানীৰে মূৰ ধুলে চুলিত যথেষ্ট উজ্জ্বলতা আহে। একে সময়তে,
ইয়াৰ ব্যৱহাৰ মূৰৰ চুলিৰ ৰং কৰিবলৈও কৰা হয়। পিঁয়াজৰ বাকলিবোৰ পানীত একৰ পৰা আধা ঘণ্টাৰ বাবে উতলাওক। এতিয়া এই পানীৰে মূৰটো মালিচ কৰক, তাৰ পিছত আধা ঘণ্টাৰ পিছত চুলিখিনি ধুই দিয়ক। ই চুলিৰ প্ৰাকৃতিক ৰঙৰ দৰে কাম কৰিব।
ক্ৰেম্প আঁতৰি যায় (Muscle Cramps)
বহুসময়ত শৰীৰৰ পেশীত সংকোচন হয়। এইটোৱে মানুহৰ বাবে বহুতো সমস্যাৰ সৃষ্টি কৰে। এনে পৰিস্থিতিত পিঁয়াজৰ বাকলি পানীত ১০-১৫ মিনিটৰ বাবে ডুবাই থওক। ৰাতি শুবলৈ যোৱাৰ আগতে এই পানীখিনি খাওক। ই পেশীৰ সংকোচনত (Muscle Cramps) যথেষ্ট সকাহ দিব।
ছালৰ খজুৱতিৰ বাবে কাৰ্যকৰী (Itchy Skin)
প্ৰায়ে মানুহৰ ছালত যথেষ্ট খজুৱতি হয়। ইয়াৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ ঔষধো ব্যৱহাৰ কৰে। কিন্তু ঘৰত, পিঁয়াজ আৰু নহৰুৰ বাকলি এই সমস্যাৰ পৰা যথেষ্ট পৰিমাণে সকাহ দিব পাৰে। পানীত তিয়াই ৰাখা পিঁয়াজ আৰু নহৰুৰ বাকলি শৰীৰৰ ছালত লগাওক, যথেষ্ট লাভ পাব।
Photo: Google
Discussion about this post