Betel Leaves Benefits: পান (Betel Leaves) আমি প্ৰায়ে তামোলৰ লগত খোৱাৰ লগতে বিভিন্ন কামতো ব্যৱহাৰ কৰোঁ। মন্দিৰত পূজাৰ বাবে হওক, বিয়াৰ বাবে হওক বা মিঠা পান খাবলৈ হওক, পানৰ ব্যৱহাৰ স্বাভাৱিক। খুব কম লোকেই জানে হয়তো যে পাণ চোবাই খালে ই স্বাস্থ্য শক্তিশালী কৰিব পাৰে। আজি আমি আপোনালোকক পানৰ এনে গুণবোৰৰ বিষয়ে অৱগত কৰিবলৈ গৈ আছোঁ, যিবোৰ জানি আপুনিও আচৰিত হ’ব। আহক জানো বিশেষত্ববোৰ কি কি?
পান খোৱাৰ লাভালাভ- (Betel Leaves Benefits)
১. পানত এণ্টিঅক্সিডেণ্ট, এণ্টিমাইক্ৰ’বিয়েলছ্ গুণাগুণ থাকে। ইয়াৰ সেৱনে কাহৰ সমস্যাও আঁতৰ কৰিব পাৰি। একে সময়তে, ডিঙিও পৰিষ্কাৰ কৰি ৰাখিব পাৰি।
২. পান পেটৰ ফিটনেছৰ বাবে যথেষ্ট ভাল। ইয়াৰ নিয়মীয়া গ্ৰহণৰ দ্বাৰা পাচন প্ৰক্ৰিয়াটো স্বাস্থ্যকৰ কৰি তুলিব পাৰি। একে সময়তে পেট সম্পৰ্কীয় সমস্যাও আঁতৰ কৰিব পাৰি।
৩. পান চোবাই খালে মুখৰ দুৰ্গন্ধ আঁতৰ হয়। ইয়াৰ পাত চোবাই খালে মুখৰ ভিতৰত সৃষ্টি হোৱা ৰসে মুখত লুকাই থকা বেক্টেৰিয়া নাইকিয়া কৰে, যাৰ ফলত আপুনি দুৰ্গন্ধৰ বিষয়ে চিন্তা নকৰাকৈ আত্মবিশ্বাসেৰে আনৰ সৈতে কথা পাতিব পাৰে।
৪. আলুৰ বিষ বা ফুলা আঁতৰ কৰাৰ বাবেও পান উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হৈছে যে ইয়াৰ ভিতৰত বহুতো গুণ পোৱা যায়, যি দাঁতৰ আলু প্ৰদাহ প্ৰতিহত কৰিবলৈ কাম কৰে।
৫. লগতে যেতিয়া কৰবাত আপুনি মোচোকা খাই তেতিয়া এই সাধাৰণ পানো হৈ পৰে অসাধাৰণ। ইয়াৰ বাবে পানত সৰিয়হ তেল সানি পানখন গৰম কৰি মোচোকা খোৱা ঠাইত বান্ধি থ’ব লাগে। আপুনি খুব সোনকালে ফলাফল পাব।
৬. যদি মূৰত ওকণি আছে তেন্তে পান আৰু মূলাৰ ৰস মিলাই গা ধুৱাৰ আগত মূৰত সানিব লাগে।
৭. যদি আপোনাৰ পত্নীৰ খং উঠি আছে তেন্তে ইয়াত আছে উপায়। পানৰ ৰসত গাখীৰ মিলাই খুৱাই দিলে মহিলাৰ খং কমে।
৮. আঙুলি বিষালে আৰু ফুলিলে পান গৰম কৰি বান্ধি থ’লে পৰিত্ৰাণ পাব।
৯. পানৰ ৰস দুই চামোচ আৰু মৌ মিলাই খালে শুকান কাহ ভাল হয়।
১০. মাত বহিলে পানৰ শিপা টুকুৰা কৰি দিনে চাৰিবাৰ চোবাই খাব লাগে।
১১. কেঁচুৱাৰ শৌচ নহ’লে পানৰ ঠাৰিত ঘিঁ নিমখ বা নাৰিকল তেল বা মিঠাতেল লগাই গুহ্যদ্বাৰত অলপ সোমাই দিব লাগে।
আপুনি গ্ৰীষ্মকালত পান খাব পাৰিবনে?
অৱশ্যে, পানৰ টেছিৰ গৰম হয়। সেয়েহে ইয়াক শীতকালত খোৱাভাল, কিন্তু আপুনি ইয়াক সীমিত পৰিমাণত বা কেতিয়াবা গ্ৰীষ্মকালতো খাব পাৰে। খোৱাৰ আগতে পানখিনি ভালদৰে ধুব, যাতে ইয়াৰ ভিতৰৰ ধূলি আৰু বেক্টেৰিয়া আঁতৰ হয়। তাৰ পিছতহে আপুনি ইয়াক গ্ৰহণ কৰক।
Photo: Google
Discussion about this post