Dry Fruits For Male Fertility: বিবাহৰ পিছত পুৰুষে তেওঁলোকৰ সুখী জীৱনৰ বাবে সকলো প্ৰচেষ্টা কৰে, কিন্তু যদি তেওঁলোকৰ শুক্ৰাণুৰ সংখ্যা (Sperm Count) আৰু শুক্ৰাণুৰ মানদণ্ড (Sperm Quality) দুয়োটা বেয়া হয়, তেনেহ’লে এনে পৰিস্থিতিত পুৰুষৰ উৰ্বৰতাৰ ওপৰচ অতি বেয়া প্ৰভাৱ পৰে। পৃথিৱীত এনে বহুতো পুৰুষ আছে যিয়ে বহু প্ৰচেষ্টাৰ পিছতো পিতৃ হ’বলৈ ব্যৰ্থ হৈছে। এই প্ৰসংগটো ইমানেই ব্যক্তিগত যে বহুতো পুৰুষে লাজৰ বাবে এই কথাটো কাৰো আগত ক’ব নিবিচাৰে, কিন্তু ইয়াক লুকুৱাই ৰখাৰ কোনো লাভ নাই, গুৰুত্বপূৰ্ণ কথাটো হ’ল বিশেষজ্ঞসকলৰ পৰামৰ্শৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা উচিত।
এই ৩ বিধ ড্ৰাই ফ্ৰুইটছ (Dry Fruits) শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰাত সহায়ক
পুৰুষৰ এই আভ্যন্তৰীণ সমস্যাবোৰৰ বাবে ভুল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস মুখ্যতঃ দায়ী, যদি এই ভুলবোৰ সময়মতে সংশোধন কৰা হয়, তেনেহ’লে কেইসপ্তাহমানৰ ভিতৰত, যৌন দুৰ্বলতা, শুক্ৰাণুৰ সংখ্যাৰ অভাৱ, মেইল বন্ধ্যাত্বৰ দৰে সমস্যা আঁতৰ কৰিব পাৰি।
১. কিচমিচ (Raisin)
আঙুৰ শুকুৱাই কিচমিচ প্ৰস্তুত কৰা হয়, ই স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু পুষ্টিৰে পৰিপূৰ্ণ। ৰ’দত শুকোৱাৰ বাবে এই শুকান ফলবিধত ইলেক্ট্ৰলাইট, এণ্টিঅক্সিডেণ্ট, খনিজ, শক্তি আৰু ভিটামিন ঘনীভূত হয়। কিচমিচত ভিটামিন এ পৰিমান যথেষ্ট থাকে যি কেৱল শুক্ৰাণুৰ সংখ্যাই নহয় শুক্ৰাণুৰ মানদণ্ডও উন্নত কৰে, লগতে শুক্ৰাণুৰ গতিশীলতা বৃদ্ধি কৰে, অৱশ্যে ডায়েবেটিচ ৰোগীয়ে ইয়াক সীমিত পৰিমাণে গ্ৰহণ কৰিব লাগে।
২. ডিমৰু (Fig)
ডুমৰুক শুকাই শুকান ফলৰ (Dry Fruits) ৰূপ দিয়া হয়। ইয়াক খালে পুৰুষসকলৰ উৰ্বৰতা উন্নত হয় আৰু তেওঁলোকৰ শুক্ৰানুৰ সংখ্যাও বৃদ্ধি হয়। এই শুকান ফলবিধ ভিটামিন আৰু মিনাৰেলছৰে পৰিপূৰ্ণ হয় আৰু লগতে ইয়াত পেণ্ট’থেনিক এচিড, কপাৰ, ফাইবাৰ আৰু ভিটামিন B6 পোৱা যায়। আপুনি ডিমৰু স্নেকছ্ হিচাপে খাওক, এনেকুৱা কৰিলে আপুনি কিছুদিনৰ ভিতৰতে ভাল ফলাফল লাভ কৰিব।
৩. খেজুৰ (Dates)
পুৰুষৰ উৰ্বৰতাক (Male Fertility) উন্নত কৰিবলৈ খেজুৰৰ ব্য়ৱহাৰ বহু যুগ ধৰি চলি আছে। খেজুৰৰ মিঠা সোৱাদৰ বাবে বহুতে এই শুকান ফলবিধ খাবলৈ ভাল পায়, কিন্তু বহু গৱেষণাত এই কথাটো পোহৰলৈ আহিছে যে এই ফলবিধেৰে শুক্ৰাণুৰ সংখ্যা (Sperm Count) আৰু শুক্ৰাণুৰ মানদণ্ড (Sperm Quality) বৃদ্ধি হয়। দৰাচলতে খেজুৰত এষ্ট্ৰেডিঅ’ল আৰু ফ্লেভোনাইডৰ ৩টা গুৰুত্বপূৰ্ণ যৌগ পোৱা যায় যি পুৰুষৰ স্বাস্থ্য উন্নত কৰাত সহায়ক। ই পুৰুষৰ যৌন আকাংক্ষা আৰু মনোবল উন্নত কৰি তোলে।
Photo: Google
Discussion about this post