খালী পেটত মধুৰিআম (Guava) খোৱাৰ লাভালাভঃ খালী পেটত প্ৰায়ে কিছুমান বস্তু খাই বহুতো সমস্যা দূৰ কৰিব পাৰি। সেই বস্তুবোৰৰ ভিতৰত এটা হ’ল মধুৰিআম (Guava)। যদি খালী পেটত মধুৰিআম খোৱা হয় তেন্তে বহুতো স্বাস্থ্যৰ উপকাৰ হ’ব পাৰে। মধুৰিআমত ফাইবাৰ, প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ফছফৰাছ, ভিটামিন এ, পটাছিয়াম, মেগনেছিয়াম, আইৰন আদি পুষ্টিকৰ উপাদান পোৱা যায়, যি স্বাস্থ্যক বহুতো সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰে। আজিৰ লিখনীটো এই বিষয়তে । আজি আমি আমাৰ এই প্ৰবন্ধটোৰ জৰিয়তে আপোনালোকক ক’ম যে খালী পেটত মধুৰিআম সেৱনৰ লাভালাভবোৰ কি কি (Guava benefits)। লগতে কিছুমান লোকচানৰ কথাও কম (Guava side effects)।
খালী পেটত খাওক মধুৰিআম (Guava)
- খালী পেটত মধুৰিআম খালে কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰ কৰাত অত্যন্ত উপযোগী হ’ব পাৰে। ইয়াত ফাইবাৰ পোৱা যায় যিয়ে শৌচ সহজে বাহিৰলৈ ওলাই অনাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।
- পাচন প্ৰক্ৰিয়াটো স্বাস্থ্যকৰ কৰি তুলিবলৈ খালী পেটত মধুৰিআম (Guava) সেৱন কৰাটো আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে। এনে পৰিস্থিতিত পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ খালী পেটত মধুৰিআম খাব।
- খালী পেটত মধুৰিআম (Guava) সেৱন কৰাটো আপোনাৰ ওজন হ্ৰাস কৰাতো কামত আহিব পাৰে। অত্যাধিক খোৱাৰ সমস্যাটো ইয়াৰ সেৱনৰ দ্বাৰা পৰিহাৰ কৰিব পাৰি।
খালী পেটত মধুৰিআম (Guava) খোৱাৰ লোকচান
যদি খালী পেটত মধুৰিআম খোৱা হয় ইয়াৰ দ্বাৰা জ্বৰ, চৰ্দিৰ দৰে সমস্যা হ’ব পাৰে। ইয়াৰ কাৰণ হৈছে ই ভিতৰৰ পৰা বহুত ঠাণ্ডা। একে সময়তে ইয়াৰ জৰিয়তে পেট ফুলা সমস্যাৰ সন্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে খালী পেটত মধুৰিআম খাব। কেঁচা মধুৰিআম খোৱা পৰিহাৰ কৰিব।
টোকা – ওপৰত উল্লেখ কৰা পইণ্টবোৰেৰে জানিব পাৰি যে খালী পেটত মধুৰিআম সেৱন কৰিলে কিছু লাভ আৰু কিছু লোকচান হ’ব পাৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/hunar-haat-for-the-first-time-in-in-guwahati/7557/
Discussion about this post