আজিকালি মানুহে ফাষ্ট ফুড (Fast food) বেছি ব্যৱহাৰ কৰিবলৈ ধৰিছে। এইধৰণৰ খাদ্যই আমাক সময় ৰাহি কৰে, কিন্তু ই স্বাস্থ্যৰ ওপৰত অতি বেয়া প্ৰভাৱ পেলায়। ফাষ্ট ফুড বা জাংক ফুড (Junk Food) খাবলৈ সোৱাদ লাগে কিন্তু শৰীৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। আপুনি বাহিৰৰ খাদ্য, পিজ্জা-বাৰ্গাৰ, ৰিফাইণ্ড আৰু প্ৰচেছ ফুডৰ পৰা বাচি থাকিব লাগে। যদি আপুনি সোনকালে ক্ষীণ হ’ব বিচাৰে, তেন্তে আপুনি আপোনাৰ আহাৰৰ পৰা সম্পূৰ্ণৰূপে কেইটামান বস্তু বাহিৰ কৰি দিব লাগিব। আজি আমি আপোনালোকক এনেধৰণৰ খাদ্যৰ বিষয়ে ক’বলৈ ওলাইছো যিবোৰ খাদ্যক আপুনি আপোনাৰ ঘৰৰ পৰা শীঘ্ৰে আঁতৰাই দিব লাগে।
আহক জানো কি কি?
চেনী পানীয় (Sugar Drinks)- গ্ৰীষ্মকাল অহাৰ লগে লগে মানুহে যথেষ্ট ঠাণ্ডা পানীয় (Cold Drinks) খাবলৈ আৰম্ভ কৰে। কল্ড ড্ৰিংকছে ওজন দ্ৰুতগতিত বৃদ্ধি কৰে। ইয়াৰ বাহিৰেও, পেকিং কৰা জুইচ (Paked Juice), Flavoured Drinks, আনকি Flavoured Aloe Vera Juiceৰ দৰে পানীয়ও আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। ই আপোনাৰ ওজন বৃদ্ধি, ইনচুলিন প্ৰতিৰোধ আৰু ফেটী লিভাৰৰ আশংকা বৃদ্ধি কৰে।
কেক, কুকিজ আৰু পেষ্ট্ৰী (Cake, Cookies And Pastries) – যদি আপুনি ফিট থাকিব বিচাৰে তেন্তে আপুনি কেক, পেষ্ট্ৰী আৰু বিস্কুট খোৱাৰ অভ্যাস ত্যাগ কৰিব লাগিব। ইয়াত আটাইতকৈ বেছি চেনী আৰু ট্ৰাঞ্চ চৰ্বি থাকে। যাৰ ফলত আমাৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। এই বস্তুবোৰ খালে পেট নভৰে আৰু বাৰে বাৰে কিবা খোৱাৰ ইচ্ছা আহে। যাৰ ফলত আপোনাৰ ওজন বাঢ়িবলৈ ধৰে। যদি আপুনি মিঠাই খাবলৈ মন কৰে তেন্তে আপুনি ডাৰ্ক চকলেট (Dark Chocolate) খাব পাৰে।
চকলেট আৰু আইচক্ৰীম (Chocolate And Ice Cream)- যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেন্তে চকলেটছ, কেণ্ডি বা টফী খোৱা বন্ধ কৰক। চকলেট বা টফীত চেনী আৰু কেলৰি অধিক পৰিমানত থাকে। যিয়ে ওজন দ্ৰুতগতিত বৃদ্ধি কৰে। ইয়াৰ জৰিয়তে ৰক্তচাপ (Blood Pressure) আৰু Sugerৰ ৰোগ হোৱাৰে আশংকাও থাকে। বজাৰত উপলব্ধ আইচক্ৰীমত যথেষ্ট কেলৰি আৰু চেনী থাকে। ই ওজন বৃদ্ধি কৰে আৰু স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। আপুনি বিচাৰিলে ঘৰত বনোৱা আইচক্ৰীম খাব পাৰে।
বগা ব্ৰেড (White Bread) – বহুলোকে ৰাতিপুৱাৰ আহাৰত ব্ৰেড খাবলৈ ভাল পায়। কিন্তু আপুনি জানেনে যে ব্ৰেড খালে দ্ৰুতগতিত ওজন বৃদ্ধি হয়। ব্ৰেডত ময়দা থাকে আৰু চেনীৰ পৰিমাণ বহুত বেছি থাকে। ইয়াৰ বাহিৰেও, ব্ৰেডত জেম লগাই খোৱাৰ ফলত আৰু অধিক ক্ষতি হয়। গৱেষণাত ওলাইছে যে দিনে ২খনকৈ বগা ব্ৰেড খোৱাৰ ফলত মেদবহুলতাৰ আশংকা ৪০% বৃদ্ধি হয়। যদি আপুনি বিচাৰে, তেন্তে বগা ব্ৰেডৰ ঠাইত আটা বা ব্ৰাউন ব্ৰেড খাব পাৰে।
চিপচ আৰু নিমখীয়া (Chips And Namkeen)- চিপচ আৰু নিমখীয়া বস্তু প্ৰতিখন ঘৰতে থাকে। কিন্তু আপুনি জানেনে যে এনেধৰণৰ বস্তু খোৱাৰ ফলত আপোনাৰ ওজন বৃদ্ধি হয় আৰু বিভিন্ন ধৰণৰ সমস্যা হয়। আলুক চিপছ বা ফ্ৰেঞ্চ ফ্ৰাইজ ৰূপত খালে আপোনাৰ স্বাস্থ্যৰ বাবে অস্বাস্থ্যকৰ। ই আপোনাৰ ওজন বৃদ্ধি কৰে আৰু কৰ্কট ৰোগৰ দৰে ৰোগৰ আশংকা বৃদ্ধি কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/russia-ukraine-war-indian-student-shot/7316/
Discussion about this post