Jamun Health Benefits: পুষ্টিকৰ উপাদানেৰে ভৰপূৰ জামুক (Jamun) খোৱাটো গৰমৰ দিনত অত্যন্ত উপকাৰী। ই শৰীৰক পৰ্যাপ্ত পৰিমাণৰ এণ্টিঅক্সিডেণ্ট প্ৰদান কৰে, যি শৰীৰৰ কোষবোৰক অক্সিডেটিভ চাপ আৰু মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে। জামু প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা চেনীত সমৃদ্ধ যাক ফ্ৰুক্টোজ বুলি কোৱা হয় আৰু তাত খুব কম কেলৰি থাকে। প্ৰতি ১০০ গ্ৰাম জামুকত ১ৰ পৰা ২ মিঃলি গ্ৰাম আইৰন পোৱা যায়। ইয়াত প্ৰটিন, শৰ্কৰা, ভিটামিন A,B,C আৰু অন্যান্য পোষক পদাৰ্থও থাকে। জামুকৰ গুটিতো প্ৰটিন, কেলছিয়াম আৰু কাৰ্বহাইড্ৰেট পোৱা যায়। জামুকত গ্লুক’জ আৰু পানীৰ পৰিমাণ অত্যাধিক পৰিমাণে থাকে, যাৰ ফলত গৰমৰ দিনবোৰত ইয়াক উপযুক্ত ফল হিচাপে বিবেচিত কৰা হয়।
আহক জানি লও আহক জামুকৰ (Jamun) লাভালাভবোৰ কি কি?
১. জামুক খালে আপোনাৰ ওজনো হ্ৰাস হ’ব পাৰে। অৰ্থাৎ এনে লোক যিসকলে ওজন হ্ৰাস কৰিব বিচাৰি আছে তেওঁলোকে এই ফলবিধ তেওঁলোকৰ আহাৰত নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰিব লাগে।
২. ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো জামুক যথেষ্ট উপকাৰী। অৰ্থাৎ, যিসকলৰ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাহিৰত আছে তেওঁলোকে নিশ্চিতভাৱে ইয়াক তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে।
৩. ই ডায়েবেটিছ ৰোগীসকলৰ বাবেও এক আশীৰ্বাদতকৈ কম নহয়। ইয়াক খালে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকিব পাৰে।
৪. যদি আপুনি দৈনিক জামুক খাই তেন্তে পাকস্থলী সম্পৰ্কীয় সমস্যা দূৰ হ’ব।
৫. যদি আপুনি ইয়াৰ বাকলিৰ ৰস উলিয়াই ইয়াক খাই তেন্তে পেটৰ বিষ আৰু বদহজমৰ দৰে সমস্যা আঁতৰ হ’ব।
৬. জামুকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
৭. শৰীৰত ৰক্তহীনতাৰ উপশম কৰাত সহায় কৰে। শৰীৰত তেজৰ স্তৰ বৃদ্ধি হয়।
৮. যদি এপেণ্ডিচাইটিছৰ সমস্যা হয়, জামুকৰ কাৰ্ণেলৰ গুড়ি বনাওক আৰু ইয়াক দৈৰ সৈতে মিহলি কৰি খাওক। যথেষ্ট উপশম লাভ কৰিব।
৯. তেজৰ এনিমিয়া আঁতৰ কৰিবলৈ জামুক খোৱাটো উপকাৰী।
১০. মুখৰ ঘাঁ আদিৰ চিকিৎসা কৰিবলৈ জামুকৰ ফল, গুটি আৰু পাতৰ ব্যৱহাৰৰ কৰিব পাৰি।
১১. জামুক গছৰ পাতৰ ছাইৰে ঘঁহিলে দাঁতৰ আলু শক্তিৱন্ত হয় ৷
১২. জামুকৰ ৰস বৰ্ধিত প্লীহাৰ (Splenomegaly) আৰু জণ্ডিচৰ চিকিৎসাত প্ৰয়োগ কৰা হয় ৷ জামুকৰ ব্যৱহাৰে ৰক্ত পৰিশোধন কৰে ৷ ফলৰ নিয়মীয়া সেৱনে চৰ্মৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্বলতা বঢ়ায় ৷
১৩. আয়ুৰ্বেদিক চিকিৎসকে জামুক মৌ বা ডালচেনি, ছাগলীৰ গাখীৰৰ সৈতে মিহলাই শিশুৰ বিভিন্ন পেটৰ বিকাৰৰ উপশম ঘটাবলৈ প্ৰয়োগ কৰে ৷
১৪. জামুকৰ গছে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰে ৷
১৫. সাধাৰণতে জামুকৰ প্ৰয়োগৰ দ্বাৰা পেটৰ বিভিন্ন ৰোগ, কাহ, কফ, শৰীৰৰ জ্বলন পোৰন, ৰক্তবিকাৰ আদি স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত হাৰি পাৰি।
জামুক খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী কিন্তু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই ফলবিধ খোৱাৰ পিছত যদি আপুনি পানী খায়, তেন্তে আপোনাৰ বহুতো ৰোগ হ’ব পাৰে। ইয়াৰ ডায়েৰিয়া, বদহজম আৰু গেছ সম্পৰ্কীয় সমস্যা হ’ব পাৰে।
শেষত আমাৰ দেশ ভাৰতবৰ্ষত ইয়াৰ বহুল প্ৰচলিত নামসমূহ হ’ল –
জাম
জামুন
জাম্বু
জাম্বুল
জামো
জামুক
জাম্বুৰা আদি।
Photo: Google
Discussion about this post