Health Benefits Of Green Chilli: জলকীয়াই কেৱল খাদ্যৰ সোৱাদে বৃদ্ধি নকৰে লগতে স্বাস্থ্য আৰু সৌন্দৰ্যও বৃদ্ধি কৰে। অৱশ্যে, আমাৰ খাদ্যত জলকীয়া কেৱল জলা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু যদি আপুনি সেউজীয়া জলকীয়া খোৱা আৰম্ভ কৰে, তেনেহ’লে কোনো বিশেষ চেষ্টা নকৰাকৈ নিজে-নিজে আপোনাৰ স্বাস্থ্য আৰু সৌন্দৰ্য বাঢ়িবলৈ আৰম্ভ কৰিব কিয়নো এণ্টিঅক্সিডেণ্টসমৃদ্ধ সেউজীয়া জলকীয়াবোৰে শৰীৰক ক্ষতিকাৰক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।
ছালখন ধুনীয়া কৰি তোলে
জলকীয়াত ভিটামিন-চি যথেষ্ট পৰিমানত পোৱা যায়। লগতে এই জলকীয়া বিটা-কেৰোটিনৰ গুণাগুণেৰে সমৃদ্ধ আৰু দুয়োটা পুষ্টিকৰ উপাদানে ছালৰ উজ্জ্বলতা, টান আৰু কোমল গাঁথনি বজাই ৰাখিবলৈ প্ৰয়োজন হয়।
আইৰনৰ প্ৰাকৃতিক উৎস
সেউজীয়া জলকীয়া হৈছে আইৰনৰ এক প্ৰাকৃতিক উৎস। আইৰণে শৰীৰৰ ভিতৰত তেজৰ প্ৰবাহ (Blood Circulation) বৃদ্ধি কৰাত সহায় কৰে, যিয়ে ছাল ধুনীয়া, শৰীৰ সক্ৰিয় আৰু মগজু শান্ত ৰখাৰ বাবে প্ৰয়োজনীয়। যেতিয়া শৰীৰত আইৰনৰ অভাৱ হয় তেতিয়া সকলো সময়তে ভাগৰুৱা হৈ থকা আৰু শৰীৰে গধুৰতা অনুভৱ কৰে। এনে পৰিস্থিতিত, আপুনি আপোনাৰ দৈনন্দিন আহাৰত সেউজীয়া জলকীয়া খোৱাৰ অভ্যাস আৰম্ভ কৰিব লাগে। ই আপোনাক লাভান্বিত কৰিব।
শৰীৰৰ উষ্ণতা বজাই ৰখাত সহায়ক
সেউজীয়া জলকীয়াত কেপছাইচিন (Capsaicin) নামৰ এক যৌগ পোৱা যায়। যি মগজুত থকা হাইপোথেলামাছৰ (Hypothalamus) শীতলকৰণ কেন্দ্ৰটো সক্ৰিয় ৰখাত সহায় কৰে কিয়নো মগজুৰ এই অংশটোৱে সমগ্ৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে, সেয়েহে ভাৰতৰ দৰে গৰম দেশত শতিকা ধৰি সেউজীয়া জলকীয়া খোৱা হয়। যাতে শৰীৰৰ উষ্ণতা প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায়।
ৰক্ত শৰ্কৰা (Blood Suger) নিয়ন্ত্ৰণ কৰে
যদি তেজত গ্লুকোজৰ স্তৰ অত্যাধিক বৃদ্ধি হয় তেতিয়া ডায়েবেটিচ ৰোগ হয়। যি ক্ৰমান্বয়ে গোটেই শৰীৰটো খালী কৰি বিভিন্ন ধৰণৰ ৰোগৰ জন্ম দিয়ে। সেয়েহে, ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাটো গুৰুত্বপূৰ্ণ। খাদ্যত সেউজীয়া জলকীয়া খাই আপুনি এই কামটো সহজে কৰিব পাৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
যদি সঘনাই চৰ্দি বা চাইনাছৰ সমস্যা হয়, তেনেহ’লে আপুনি আপোনাৰ খাদ্যত সেউজীয়া জলকীয়া খোৱা আৰম্ভ কৰিব লাগে কিয়নো সেউজীয়া জলকীয়াই শ্লেষ্মা আৱৰণক (Mucous Membrane) উদ্দীপিত কৰে, ইয়াৰ ফলত শ্লেষ্মা পাতল হয় আৰু ইয়াৰ নিঃসৰণো নিয়ন্ত্ৰণ হয়, যাৰ ফলত চৰ্দিৰ কোনো সমস্যা নহয়। বাকী সেউজীয়া জলকীয়া খোৱাৰ ফলত, আইৰন, ভিটামিন-চি আৰু বি-কমপ্লেক্স প্ৰাপ্ত হয়, যি শৰীৰ স্বাস্থ্যৱান ৰখাত আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
আলচাৰ হোৱা প্ৰতিহত কৰাত সহায়ক
প্ৰতিদিনে সীমিত পৰিমাণত সেউজীয়া জলকীয়া (Green Chilli) সেৱনে মুখ আৰু পাকস্থলীৰ আলচাৰৰ পৰা সকাহ দিয়ে কিয়নো সেউজীয়া জলকীয়াই শৰীৰত তাপ বৃদ্ধি কৰিব নিদিয়ে। গতিকে যদি পেট বেয়া হোৱাৰ বাবে সঘনাই মুখৰ আলচাৰ হয়, তেন্তে সেউজীয়া জলকীয়া খোৱা আৰম্ভ কৰক।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/youth-dead-body-recoverd-from-toilet-at-nalbari-in-assam/6212/
Discussion about this post