আদা (Ginger) এবিধ মছলা আৰু ভেষজজাতীয় ঔষধি উদ্ভিদ। মছলাজাতীয় উদ্ভিদৰ ভিতৰত আদা অন্যতম। মছলা হিচাপে আদাৰ গুৰুত্ব অপৰিসীম। আদাত থকা ৰাসায়নিক যৌগ (chemical compounds) সমূহে ইয়াৰ সোৱাদক ফুৰফুৰীয়া, জ্বলা –পোৰা আৰু উত্তেজক ধৰণৰ কৰিছে। মছলাজাতীয় ঔষধিযুক্ত আদা গছৰ গাৰ বৰণ সেউজীয়া, পাতৰ বৰণ ঘন সেউজীয়া, ইয়াৰ পাতবোৰ দীঘলীয়া আকৃতিৰ।
আদাত প্ৰচুৰ পৰিমাণে আঁহ (Dietary Fiber), প্ৰটিন (Protein), আইৰণ (Iron), ছডিয়াম (Sodium), ফছফৰাছ (Phosphorus), ভিটামিন C (Vitamin C), ভিটামিন B6 (Vitamin B6), ফলেট (Folate), নিআচিন (Niacin), ৰাইব‘ফ্লেভিন (Riboflavin) আৰু জিনজেৰ‘ল (Gingerol), বিতা কেৰাটিন (Beta Keratin) আদি বিভিন্ন প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট (Antioxidant) পোৱা যায়।
আহক জানো আদাৰ লাভালাভবোৰ কি কি?-
১. বদহজম, অভোক বা অৰূচি, পেটৰ বিষ আদিৰ বাবে আদাৰ বিশেষভাৱে উপকাৰিতা আছে। কেম’থেৰাপী (Chemotherapy)ৰ পিছত কেঞ্চাৰ (Cancer) ৰোগীসকলক আদায়ে কিছু সকাহ দিব পাৰে।
২. হৃদৰোগৰ ক্ষেত্ৰতো আদাৰ উপকাৰিতা আছে। আদাৰ ৰসে শৰীৰ শীতল কৰে আৰু হৃদযন্ত্ৰৰ ৰোগসমূহৰ বাবে উপকাৰী।
৩. আদাই আমাৰ হজম শক্তি বৃদ্ধি কৰে। লালটি (Saliva)ক সংবেনশীল কৰি তোলে। গেষ্ট্ৰিক (gastric) নিৰাময় কৰাতো আদায়ে সহায় কৰে।
৪. আদা (Ginger)-য়ে লিভাৰক সুৰক্ষা প্ৰদান কৰে আৰু ফেটি লিভাৰ (Fatty liver) হোৱাত বাধা দিয়ে। যক্ষ্মা (Tuberculosis) ৰোগৰ চিকিৎসাৰ পাৰ্শ্বক্ৰিয়াৰ পৰাও ই লিভাৰক সুৰক্ষা প্ৰদান কৰে।
৫. এণ্টি অক্সিডেণ্ট (Antioxidant), জিনজাৰ’ ল (Gingerol) থকা বাবে আদায়ে বিভিন্ন বীজাণুৰ সংক্ৰমণ ৰোধ কৰে।
৬. চকু সমস্যাৰ বাবেও আদাৰ উপকাৰিতা আছে। পক্ষাঘাত (Paralysis), চকুৰ ছানি পৰা (Cataract) আৰু চকুৰ অন্য ৰোগৰ ক্ষেত্ৰতো আদা উপকাৰী।
৭. ইন্দ্ৰিয়জনিত ৰোগৰ প্ৰতিৰোধক ৰূপে আদাৰ ব্যৱহাৰ অপৰিসীম। নাক, কান, ডিঙিৰ ৰোগৰ লগতে শ্বাস ৰোগ, কাঁহী আদিৰ সমস্যাও আদায়ে নিৰাময় কৰে।
৮. ডায়েবেটিচ (Diabetes) ৰোগীৰ ক্ষেত্ৰত আদায়ে তেজৰ শৰ্কৰা (Blood Sugar) নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
৯. মহিলাৰ ঋতুস্ৰাৱৰ (Menstrual cycle) সময়ত হোৱা বিষতো (Dysmenorrhoea) আদাৰ উপকাৰিতা দেখা যায়। এই সময়ত আদা (Ginger) খালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।
১০. গাঁঠিৰ বিষ, মাংস পেশীৰ বিষ তথা শৰীৰৰ বিভিন্ন ধৰণৰ বিষত আদায়ে বিষহৰ (pain killer) হিচাপে উপকাৰ কৰে।
১১. আদা ৰক্তচাপ সমস্যাৰ বাবেও উপকাৰী। আদাত থকা বিশেষ কিছুমান উপাদানে উচ্চ ৰক্তচাপ, অপকাৰী কলেষ্টৰল, ট্ৰাইগ্লিচাৰাইড আদি নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
১২. আদাত থকা বিশেষ কিছুমান এণ্টি অক্সিডেণ্টে মগজুৰ কাৰ্যক্ষমতা (Brain Functioning) বৃদ্ধি কৰে। আদাই এলজাইমাৰ (Alzheimer’s disease) নামৰ ৰোগ প্ৰতিৰোধতো সহায় কৰে।
১৩. মূৰৰ বিষ (Headache)ৰ বাবেও আদা (Ginger ) উপকাৰী। মূৰৰ বিষ হ’লে আদাৰ ৰস নাকত দিলে মূৰৰ বিষ দূৰ হয়।
১৪. দাঁতৰ ৰোগৰ ক্ষেত্ৰতো আদা (Ginger) উপকাৰী। আদা খালে দাঁতৰ ৰোগৰ লগতে টনসিল (Tonsil)ৰ সমস্যাও নিৰাময় হয়। গৰম পানীত আদা উতলাই তাৰ পিছত আদাখিনি পিছিলৈ দাঁতত লগালে বিষ দূৰ হয়।
১৫. ভোক নলগা সমস্যাৰ বাবে আদা যথেষ্ট উপকাৰী। ভাত খোৱাৰ আগতে কেইটুকুৰামান আদা নিমখৰ সৈতে খালে উপকাৰ পোৱা যায়।
১৬. কাঁহ আৰু হাপানি ৰোগ আদায়ে নিৰাময় কৰে।
১৭. বসন্ত ৰোগ (Smallpox) নিৰাময়ৰ বাবে আদাৰ ৰস উপকাৰী।
১৮. গৰ্ভৱতী মহিলাৰ পুৱাতেই হোৱা বমিভাৱ (morning sickness) আদায়ে দূৰ কৰে।
১৯. আদাৰ উপয়োগে স্তনৰ কেঞ্চাৰ (Breast Cancer), পেনক্ৰীয়াচৰ কেঞ্চাৰ (Pancreas cancer) আৰু অভেৰিৰ কেঞ্চাৰ (Ovary cancer) প্ৰতিৰোধ কৰে।
২০. পাইলচ (Piles) ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো আদা উপকাৰী। পাইলচ ৰোগীৰ বাবে আদা উপকাৰী কিয়নো ই শৌচ সঠিকভাৱে হোৱাত সহায় কৰে।
২১. যিকোনো শাৰীৰিক দুৰ্বলতা আৰু মানসিক অৱসাদ আদাৰ ৰস খালে আঁতৰ হয়।
২২. আদা খালে ওজন হ্ৰাস হয়। অতিৰিক্ত ওজন হ্ৰাস কৰাত আদা সহায়ক।
২৩. আদা, ক’লা নিমখ, নেমুৰ ৰস একেলগে খালে পেটৰ গেছ আৰু অজীৰ্ণ নিৰাময় হয় ৷
২৪. দুকাপ পানীত দুই ইঞ্চি আকাৰৰ আদাৰ টুকুৰা উতলোৱা পানী খালে বুকুৰ জ্বলাপূৰা, এচিডিটি আতৰ হয় ৷
২৫. দৈনিক ২গ্ৰাম আদা দহবাৰ দিনলৈ খালে মাংসপেশীৰ বিষ নিৰাময় হয় ৷
২৬. আদাৰ ৰসৰ সৈতে নেমুৰ ৰস মিহলাই সেৱন কৰিলে মেদবহুলতা আঁতৰ হয় ৷ নিয়মীয়া আদাৰ সেৱন কৰিলে অপকাৰী কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ হ্ৰাস পায় ৷ তেজৰ নলীত চৰ্বি জমা হ’ব নিদিয়ে ৷
২৭. আদাই মুখৰ অপকাৰী বেক্টেৰিয়া বিনাশ কৰে ৷ দাঁতৰ আৰু মুখৰ দূৰ্গন্ধ দূৰ কৰাত আদা সহায়ক ৷
২৮. আদাৰ তেল মিহলোৱা গৰম পানীৰে গা ধুলে গাৰ বিষৰ উপশম ঘটে ৷
২৯. পানীত আদা (Ginger) ৰসৰ সৈতে নিমখ মিহলাই খালে হজম শক্তি বাঢ়ে।
৩০. কাণ বিষ হ’লে তিল তেল, আদাৰ (Ginger) ৰস, মৌ আৰু নিমখ মিহলাই সামান্য গৰম কৰি কাণত দিলে বিষ কমে।
Photo: Google
Discussion about this post