Egg Yellow Part: কণী (Egg) প্ৰ’টিনৰ এক ভাল উৎস। এইকাৰণেই হাড়ৰ শক্তিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ ৰোগত ইয়াক খোৱাৰ পৰামৰ্শ দিয়া হয়, কিন্তু আপুনি হয়তো লক্ষ্য কৰিছে যে বেছিভাগ বিশেষজ্ঞই কণীৰ হালধীয়া অংশ খোৱাৰ পৰামৰ্শ নিদিয়ে। আপুনি কেতিয়াবা ভাবিছেনে যে এই অংশটো কোনবোৰ মানুহৰ বাবে বিষাক্ত প্ৰমাণিত হ’ব পাৰে। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ।
কণীৰ (Egg) হালধীয়া অংশটো (Egg Yellow Part) খালে হয় শকত
বহুলোকে বিশ্বাস কৰে যে কণীৰ হালধীয়া অংশটো খালে মানুহ শকত হয়। দৰাচলতে ইয়াত অধিক চৰ্বি থাকে, যাৰ ফলত ওজন বৃদ্ধি হোৱাৰ আশংকা থাকে। এনে পৰিস্থিতিত ওজন হ্ৰাস কৰি থকা লোকসকলে কণীৰ হালধীয়া অংশ নোখোৱাটোৱে উপকাৰী হ’ব।
কণীৰ হালধীয়া অংশ (Egg Yellow Part) খালে এইসমূহ লোকচান হয়-
– কণীত কলেষ্টেৰলৰ পৰিমাণ অধিক থাকে, যাৰ ফলত হাৰ্টৰ ক্ষতি হ’ব পাৰে।
– ইয়াৰ বাহিৰেও যিসকল লোকৰ ব্লাড ছুগাৰ (Blood Suger) বৃদ্ধি হৈয়ে থাকে তেওঁলোকেও এই হালধীয়া অংশটো খোৱাৰ পৰা বাচি থাকক, অন্যথা আপোনাৰ সমস্যা বৃদ্ধি হ’ব।
– ৰক্তচাপ (Blood Pressure) ৰোগীসকলেও কণীৰ হালধীয়া অংশ পৰিহাৰ কৰিব লাগে। এয়া আপোনাৰ বাবে একেবাৰে লাভজনক নহয়।
Photo: Google
Published By: Dulu Medhi
Discussion about this post