স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে সুস্বাস্থ্যৰ বাবে পাচলি খোৱাৰ পৰামৰ্শ দিয়ে, কিয়নো ইয়াৰ পৰা প্ৰাপ্ত পুষ্টি (Nutrients) শৰীৰৰ বাবে অতি উপকাৰী। যদি অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে আপোনাৰ ওজন অধিক হৈছে, তেনেহ’লে আপুনি আপোনাৰ আহাৰত অধিক পাচলি ব্যৱহাৰ কৰিব পাৰে। আজি আমি সেই ৪ বিধ পাচলিৰ বিষয়ে ক’ম যাক নিয়মীয়াকৈ খাই আপোনাৰ পেটৰ চৰ্বি (Belly Fat) হ্ৰাস হ’ব।
এই ৪ বিধ পাচলি খাই পেটৰ চৰ্বি হ্ৰাস কৰক-
১. গাজৰ (Carrot)
মাটিৰ তলত হোৱা এই পাচলিবিধে পেটৰ চৰ্বি (Belly Fat) হ্ৰাস কৰে কিয়নো ই কেলৰি দহন কৰে আৰু Metabolism উন্নত হয়, যাৰ ফলত খাদ্য হজম কৰাত সহায় হয়। যদি আপুনি বৰ্ধিত ওজনৰ বাবে সমস্যাত ভুগিছে তেন্তে নিশ্চিতভাৱে গাজৰ খাওক।
২. ব্ৰকলি (Broccoli)
ব্ৰকলিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে, ইয়াত কেলচিয়াম, ভিটামিন চি আৰু ক্ৰমিয়ামৰ দৰে পুষ্টি (Nutrients) থাকে। ভিটামিন চি-ৰ জৰিয়তে, শৰীৰৰ চৰ্বি এনাৰ্জীত Metabolism হৈ যায়। ই High Carb Fruit হয় যিয়ে পেটৰ চৰ্বি (Belly Fat) হ্ৰাস কৰে।
৩. পালেং শাক (Spinach)
এই সেউজীয়া পাতৰ পাচলি বিধ যদি চালাদ হিচাপে খাই তেন্তে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী প্ৰমাণিত হ’ব। পালেং শাকে পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ইয়াত ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, আইৰণ ফলেট আৰু পটাছিয়ামৰ দৰে পুষ্টি থাকে।
৪. ৰঙা কেপচিকাম (Red Bell Peppers)
সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰোঁতে ৰঙা কেপচিকাম ব্যৱহাৰ কৰা হয়। ইয়াত ছডিয়াম, কাৰ্বোহাইড্ৰেট, ফাইবাৰ, চেনী, প্ৰ’টিন, ভিটামিন-চি আদি পুষ্টি থাকে। খুব কম লোকেই জানে যে এই জলকীয়া বিধ খালে পেটৰ চৰ্বি (Belly Fat) হ্ৰাস হয়।
Photo: Google
Discussion about this post