ফল গ্ৰহণ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপুনি দৈনিক পৰ্যাপ্ত ফল গ্ৰহণ কৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ বহুতো লাভালাভ আছে। কিন্তু আপুনি কেনেদৰে ফল গ্ৰহণ কৰে জনাটো অতি উচিত। ফলৰ সেৱন বাকলি এৰুৱাই কৰাটো উচিত নে অনুচিত? তেনে ক্ষেত্ৰত, আপুনি কেনেদৰে ফল গ্ৰহণ কৰিব লাগে আমি ইয়াত আপোনালোকক ক’ম। আহক জানো।
ফলৰ বাকলি এৰুৱাই খোৱাটো সঠিক নেকি?
প্ৰায়ে মানুহৰ মনত এটা ভ্ৰম থাকে যে ফলৰ বাকলি এৰুৱাই খাব লাগে নে নাই। আচলতে কিছুমান ফলৰ বাকলিৰ সৈতে খাব লাগে আৰু কিছুমান ফলৰ বাকলি এৰুৱাই খাব লাগে। আহক জানো।
আপেলৰ সেৱন- বহুতে আপেল বাকলি এৰুৱাই খাই ভাল পায় কিন্তু আপুনি জানেনে যে এনে কৰিলে ইয়াৰ ফাইবাৰ পৃথক হৈ যায়? গতিকে আপেল কেতিয়াও বাকলি এৰুৱাই খাব নালাগে। যদি আপুনি আপেলৰ বাকলি এৰুৱাই খায় তেন্তে আপুনি আপেলৰ সম্পূৰ্ণ গুণাগুণ লাভ নকৰিব।
কমলাৰ সেৱন – কমলা সদায়ে ইয়াৰ তন্তুযুক্ত ছালৰ সৈতে খাব লাগে। আনহাতে, মধুৰিআমো বাকলি নেৰুৱাকৈয়ে খাব লাগে। কিয়নো যদি আপুনি ফলৰ বাকলি আঁতৰ কৰে, ই আপোনাৰ শৰীৰক কেৱল আধা পুষ্টি প্ৰদান কৰিব।
কলৰ সেৱন- সাধাৰণতে কলৰ বাকলি কোনোৱে নাখাই কিন্তু আপুনি জানে নে যে কলৰ বাকলিত কলটোৰ সমানে কাৰ্বোহাইড্ৰেট, ভিটামিন বি ৬, বি১২, পটাছিয়াম থাকে। কলৰ বাকলিৰ ভিতৰভাগ ঘঁহিলে দাঁতৰ হালধীয়া হোৱাও আঁতৰ হয়। আনহাতে, যদি আপুনি কলটো ভালদৰে ধুই ইয়াৰ বাকলিৰ সৈতে খায় তেন্তে আপুনি অধিক লাভ পাব।
Photo: Google
Discussion about this post