Health Care Tips: বহুলোকে পায়স, সৰিয়হৰ শাক, দৰে বস্তু বনাই পাছদিনা খাবলৈ ভাল পায়। কিন্তু কিছুমান মানুহ আছে যিয়ে বাকী থকা খাদ্য পেলাই দিয়াৰ সলনি পাছদিনা ফ্ৰাই কৰি আহাৰৰ লগত মিলাই কাবলৈ পছন্দ কৰে। যদি আপুনিও ৰৈ যোৱা যিকোনো খাদ্যৰ পাছদিনা সেৱন কৰে তেন্তে অনিচ্ছাকৃতভাৱেই হওক কিন্তু আপুনি নিজকে ক্ষতি কৰি আছে। আহক আমি আপোনালোকক কম যে কোনবিলাক খাদ্য বাহি খাব নালাগে।
বাহি কণী (Egg) – কণী স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু বাহি কণী খোৱাটো স্বাস্থ্যৰ বাবে সঠিক নহয়। বাহি কণীত বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকে যিয়ে শৰীৰৰ ক্ষতি কৰে। সেয়েহে, বাহি কণী খোৱাটো পৰিহাৰ কৰিব লাগে।
ভজা আৰু তেলেতীয়া খাদ্য (Oily Food) – আজিৰ পৰিৱৰ্তনশীল জীৱনশৈলীত ভজা আৰু তেলেতীয়া খাদ্য পছন্দ কৰা হয়। আনহাতে বহু লোকে এনেধৰণৰ খাদ্য পেক কৰোৱাই পাছদিনা অৰ্থাৎ পুৱাৰ বাবেও ৰাখি থয়। কিন্তু আপোনালোকক জনাও যে বাহি ভজা আৰু তেলেতীয়া খাদ্য সেৱন কৰিলে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ইফালে পাছদিনা এই খাদ্যবোৰ গৰম কৰিলে সেই খাদ্যবোৰ আৰু অলপ বেছি কঠিন হৈ পৰে। কেতিয়াবা-কেতিয়াবা ইয়াৰ ওপৰত তেলৰ এটা স্তৰো জমা হৈ যায়। যাৰ ফলত ওজনো বাঢ়িবলৈ আৰম্ভ কৰে।
সিজোৱা আলু (Boiled Potatoes) – বহুলোকে আলু উতলায় ফ্ৰীজত ৰাখি থয় আৰু প্ৰয়োজন অনুসৰি উলিয়াই আনি ব্যৱহাৰ কৰে। কিন্তু আলু সিজোৱাই বেছি সময়লৈ ৰাখি থ’ব নালাগে। আপোনালোকক জনাও যে আলু অধিক সময়লৈ ৰাখি থ’লে তাৰ ভিতৰত ক্লষ্ট্ৰিডিয়াম বটুলিনম পচি যাবলৈ ধৰে, যি আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
Photo: Google
Discussion about this post