তিয়ঁহ (Cucumber) Health Benefits: তিয়ঁহ আমাৰ সকলোৰে পৰিচিত। এই জনপ্ৰিয় ফলবিধে অৱশ্যে পাচলিৰ ভূমিকাও পালন কৰে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Cucumis sativus। তিয়ঁহ সাধাৰণতে গ্ৰীষ্মকালীন ফল যদিও আজিকালি বছৰৰ বাৰ মাহেই ইয়াক পোৱাৰ উপায় ওলাইছে হাইব্ৰীড খেতিৰ জৰিয়তে। ভাৰতৰ লগতে অসমতো পোৱা ঔষধি গুণেৰে পৰিপুষ্ট পাচলি হৈছে তিয়ঁহ।
আহক জানি লও তিয়ঁহ (Cucumber)ৰ গুণাগুণবোৰ কি কি?
১. শৰীৰত প্ৰয়োজনীয় পৰিমাণতকৈ কম পানী থাকিলে ডিহাইড্ৰেচন হয়, যাৰ ফলত আপুনি কেইবাটাও ৰোগৰ প্ৰতি সংবেদনশীল হয়। আপোনাৰ দৈনিক আহাৰত তিয়ঁহ অন্তৰ্ভুক্ত কৰিলে আপোনাৰ শৰীৰৰ ভিতৰত হ্ৰাস হোৱা পানী পূৰণ হয়, আপোনাক সম্পূৰ্ণৰূপে হাইড্ৰেটেড কৰি ৰাখে।
২. তিয়ঁহক পুষ্টিকৰ ফাইবাৰৰ এক ভাল উৎস বুলি গণ্য কৰা হয় যি আপোনাৰ শৰীৰক সঠিকভাৱে কাম কৰাত সহায় কৰিব। তিয়ঁহত ফাইবাৰ আৰু পানীৰ সংমিশ্ৰণে কোষ্ঠকাঠিন্য প্ৰতিহত কৰাত সহায় কৰিব পাৰে আৰু নিয়মীয়তা বৃদ্ধি কৰিব পাৰে। সেয়েহে ডায়েটিছিয়ানসকলে ডায়েবেটিছ ৰোগীসকলক ইয়াক নিয়মীয়াকৈ সেৱন কৰিবলৈ পৰামৰ্শ দিয়ে।
৩. তিয়ঁহ হৈছে হাড়ৰ ঘনত্ব আৰু হাড় ভঙাৰ বিপদাশংকা দূৰ কৰিবলৈ প্ৰয়োজনীয় কেলচিয়ামৰ উৎস।
৪. তিয়ঁহ ইয়াৰ কৰ্কট ৰোধী গুণাগুণৰ বাবেও জনাজাত। ই সমগ্ৰ শৰীৰত কৰ্কট কোষৰ বিস্তাৰ হ্ৰাস কৰিব পাৰে আৰু আপোনাৰ শৰীৰত কৰ্কট কোষ বিকশিত হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে।
৫. তিয়ঁহত থকা ছালফাৰ আৰু চিলিকনে আপোনাৰ চুলি শক্তিশালী আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰিব পাৰে। তিয়ঁহ খালে চুলি কোমল হয় আৰু সহজে নিছিঙে।
৬. আপোনাৰ শৰীৰত অপৰ্যাপ্ত পৰিমাণৰ পানী আৰু আহাৰৰ ফাইবাৰৰ ফলত কোষ্ঠকাঠিন্য হ’ব পাৰে, যাৰ ফলত আপোনাৰ যথেষ্ট অসুবিধা হ’ব পাৰে। আপোনাৰ শৰীৰৰ পানী আৰু ফাইবাৰবোৰ পূৰণ কৰিবলৈ প্ৰতিদিনে তিয়ঁহৰ চালাড খাবলৈ মনত ৰাখিব যাতে শৌচৰ পথ মসৃণ আৰু বিষহীন হৈ পৰে।
৭. তিয়ঁহৰ পানীৰ পৰিমাণে আপোনাৰ শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ উলিয়াই দিব পাৰে। ই বৃক্কৰ পাথৰ প্ৰতিৰোধ কৰাত সহায়ক।
৮. মাইগ্ৰেইনৰ সমস্যা আছে যদি আপোনাৰ আহাৰত তিয়ঁহ অন্তৰ্ভুক্ত কৰিলে অলৌকিক প্ৰভাৱ পৰিব পাৰে।
৯. স্বাস্থ্যৱান আৰু উজ্জ্বল ছালৰ বাবে তিঁয়হ খাব লাগে। ই ছালৰ বলিৰেখা নাইকিয়া কৰে।
১০. মুখৰ দুৰ্গন্ধৰ পৰিত্ৰাণ পাবলৈ আপুনি ব্যয়বহুল চিকিৎসা বাছনি কৰিব নালাগে। তিয়ঁহ খাওক আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাওক।
১১. সদায় তিয়ঁহ খাব পাৰিলে কোষ্ঠৱৰ্দ্ধতা দূৰ হয়।
১২. সদায় তিয়ঁহ চকল কৰি কাটি তাত নেমুৰ ৰস আৰু নিমখ ছটিয়াই খালে হজম শক্তি বাঢ়ে। খোৱা বস্তু সহজতে হজম হোৱা গুণৰ বাবে তিয়ঁহ এবিধ উপকাৰী ফল।
১৩. দিনে দুয়োবেলা ভাতৰ লগত চালাদ কৰি খাব পাৰিলে মধুমেহ ৰোগীৰ তেজৰ বা প্ৰস্ৰাবৰ শৰ্কৰা কমে।
১৪. মধুমেহ ৰোগীয়ে তিয়ঁহত নেমুৰ ৰস সানি খাব লাগে।
১৫. তিয়ঁহৰ ৰসৰ লগত হালধী গুৰি আৰু নেমুৰ ৰস মিলাই এটা মিশ্ৰণ কৰি মুখত সানি ২০ মিনিট মানৰ পিছত ধুই পেলাব লাগে এইদৰে এসপ্তাহমান লগালে ছালৰ মসৃনতা আৰু উজ্জ্বলতা বাঢ়িব আৰু বগা হ’ব।
১৬. তিয়ঁহৰ ৰসৰ লগত গ্লিচাৰিণ, নেমুৰ ৰস, গোলাপজল মিলাই মুখত মাজে মাজে সানি থাকিব পাৰিলে ছালৰ সৌন্দৰ্যতা বৃদ্ধি পায়।
১৭. উচ্চ ৰক্তচাপ থাকিলে প্ৰতিদিনে তিয়ঁহ বা তিয়ঁহৰ ৰস বৰ উপকাৰী।
১৮. প্ৰখৰ ৰ’দৰ তাপত ছাল কলা পৰিলে (Sunburn) তিয়ঁহৰ ৰস ১০০ গ্ৰাম পাউদাৰ গাখীৰ ২ চামুচ, নেমুৰ ৰস ১ চামুচ মিলাই ৰ’দে পোৱা ঠাইত প্ৰলেপ দিলে ৰ’দত কলা পৰাবোৰ নাইকিয়া হৈ যাব। কিন্তু এদিনতে নহয়, ১ সপ্তাহমান এইদৰে লগাই থাকিব লাগিব।
১৯. চকুৰ তলি কলা হলে তিয়ঁহ আৰু আলু বটি আঙুলিৰে লাহে লাহে চকুৰ গুৰিত প্ৰলেপদিলে কলাপৰা নাইকিয়া হব।
২০. ছালৰ তেলেটিয়াভাব তিয়ঁহৰ প্ৰলেপে দূৰ কৰে।
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-ambarella-benefits-for-health/11273/
২১. তিয়ঁহত ফচফৰাচ বেছিকৈ থকাই মস্তিস্কত বহুত শক্তি প্ৰদান কৰিব পাৰে। তিয়ঁহে স্মৰণ শক্তিও বৃদ্ধি কাৰিব পাৰে।
২২. ৰোগ প্ৰতিশোধক গুণ তিয়ঁহৰ আছে। সৌন্দৰ্যতা ৰক্ষা কৰা, পেটৰ ৰোগ নাশ কৰা, অলসতা দূৰ কৰা, স্মৰণ শক্তি বৃদ্ধি কৰা, পৰিপাক যন্ত্ৰ শক্তিশালী কৰাত তিয়ঁহৰ গুণ বহুত বেছি।
২৩. আপুনি যদি ওজন কমাব বিচাৰে তেতিয়াহ’লে ডাইটত তিয়ঁহ খাওক। গ্রীষ্মত সর্বাধিক খোৱা তিয়ঁহে শৰীৰক কেৱল শীতলবোধ দিয়াই নহয়, কোষ্ঠকাঠিন্য আৰু পানীহীনতাতো সহায় কৰে। ইয়াত খুব কম কেলৰি থাকে।
২৪. এটা ৩০০ গ্রামৰ তিয়ঁহত কেৱল ২ গ্রাম প্র’টিন আৰু ০.৩ গ্রাম চৰ্বি থাকে। ভোক লাগিলে আপুনি যিমানে তিয়ঁহ খাই পেটৰ ভোক প্রশমিত কৰিব পাৰে আৰু সিমানে আপোনাৰ ওজন নাবাঢ়ে।
২৫. তিয়ঁহত বিটা কেৰোটিন আৰু ভিটামিন চিৰ দৰে এন্টি-অক্সিডেন্ট থাকে যিয়ে আমাৰ দেহত শৰীৰৰ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
২৬. তিয়ঁহ ছালৰ বাবে উপকাৰী। ই চুলি আৰু নখ উজ্জ্বল কৰে আৰু শক্তিশালী কৰে। নিয়মিত তিয়ঁহ খালে দেহৰ টক্সিন নিঃসৃত হয়।
২৭. শৰীৰত ভিটামিন শূন্যতা দূৰ কৰাৰ ক্ষেত্ৰতো এই পাচলিৰ ভূমিকা যথেষ্ট।
২৮. তিয়ঁহ খালে শৰীৰত পানীশূন্যতা দূৰ হয়।
২৯. তিয়ঁহে প্ৰস্ৰাৱৰ সমস্যা দূৰ কৰাৰ লগতে কিডনী সুস্থ কৰি ৰখাত সহায় কৰে।
৩০. তিয়ঁহ খালে Blood Pressure নিয়ন্ত্ৰণত থাকে।
৩১. তিয়ঁহক এণ্টি কেঞ্চাৰ হিচাপেও গণ্য কৰা হয়।
৩২. কীট-পতংগই কামূৰিলে তিয়ঁহ লগালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।
৩৩. তিয়ঁহ খালে ডায়েবেটিছ, ব্লাড প্ৰেচাৰ, শৰীৰৰ খাৰ অম্লৰ নিয়ন্ত্ৰণ কৰে।
৩৪. তিয়ঁহ খালে ইউৰিক এচিড কমাই বুলি কোৱা হয়।
৩৫. তিয়ঁহ এক পানীভৰ্তি খাদ্য যি ছালৰ বাবে অতি স্বাস্থ্যকৰ। ই আপোনাৰ ছালক হাইড্ৰেটেড আৰু শীতল কৰি ৰাখে। ই আপোনাৰ ছালখন কোঁচ (Wrinkles) পৰি যোৱাৰ পৰাও সুৰক্ষিত কৰে আৰু আপোনাৰ ছাল টান কৰি ৰাখে।
Photo: Google
Discussion about this post