তিতা কেৰেলা (Bitter Gourd) এনে এবিধ পাচলি যিটো সোৱাদত তিক্ত কিন্তু সকলো সময়তে স্বাস্থ্যৰ বাবে উপকাৰী। সেইকাৰণে তিতা কেৰেলা খাব দিলে নাখাও বুলি নক’ব। পিছে জানো আহক তিতা কেৰেলাৰ এনে কি গুণাগুণ আছে যাৰ বাবে ইয়াক উপকাৰী বুলি কোৱা হয়।
তিতা কেৰেলা (Bitter Gourd)ৰ লাভালাভ-
১. তিতা কেৰেলাই (Bitter Gourd) ৰোগ প্রতিৰোধ ক্ষমতা (Immunity) বঢ়ায় আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে। কিছুমান মানুহে ইয়াৰ তিতা সোৱাদৰ কাৰণে ইয়াক খাবলৈ পচন্দ নকৰে। কিন্তু জানি লওঁক ইয়াৰ বহু মিঠা গুণো আছে।
২. তিতা কেৰেলাই (Bitter Gourd) গাঁথিৰ বিষ, বমি ভাব, ডায়েৰিয়া আৰু মেদৰ পৰা মুক্তি দিয়ে। অৱশ্যে ঔষধি গুণেৰে পৰিপূর্ণ তিতা কেৰেলাৰ ৰস উলিয়ায়ো খাব পাৰে। কেৰেলাৰ ৰসে শৰীৰক ডিটক্স কৰে।
৩. তিতা কেৰেলাত ফছফৰাছ থাকে যিয়ে কফ (Cough), কোষ্ঠকাঠিন্য (Constipation) আৰু পাচনজনিত (Digestion) ৰোগ দূৰ কৰে। তিতা কেৰেলাই হজম ভাল কৰে। ভোক লাগিলে কেৰেলা খাওক।
৪. হাঁপানিৰ ৰোগীসকলৰ বাবে তিতা কেৰেলা অতি উপকাৰী। হাঁপানিত কেৰেলাৰ পাচলি খালে উপকাৰ পাব।
৫. পেটত গেছ আৰু বদহজমৰ ক্ষেত্রত কেৰেলাৰ ৰস খাওক। কেৰেলাৰ ৰসে দীর্ঘকাল ধৰি এই ৰোগ নিৰাময় কৰিব পাৰে।
৬. কেৰেলাৰ ৰস খালে লিভাৰ শক্তিশালী কৰে আৰু লিভাৰৰ সকলো সমস্যা দূৰ কৰে। জণ্ডিছত প্রতিদিনে এক গিলাচ কেৰেলাৰ ৰস খালে উপশম হয়।
৭. তিতা কেৰেলা ডায়েবেটিছ (Diabetes) ৰোগীসকলৰ বাবে অতি উপকাৰী।
৮. তিতা কেৰেলাৰ ৰসে স্থূলতা বা মেদবহুলতা কমোৱাত যথেষ্ট সহায় কৰে। কেৰেলাত অতি কম পৰিমানত কেলৰি থাকে যাৰ ফলত কেলৰি নিয়ন্ত্রণত থাকে আৰু ওজন বৃদ্ধি নহয়। কেৰেলাৰ ৰস খালে ওজন হ্রাস হয়।
৯. কেৰেলাৰ পাউডাৰ বনাই খালেও সুফল পাব পাৰে। ইয়াৰ বাবে কেৰেলা ভালদৰে ধুই কাটি লওঁক। তাৰ পিছত শুকাই লওঁক। ভালদৰে শুকোৱাৰ পিছত বটি পাউডাৰ প্ৰস্তুত কৰি লওঁক। প্ৰতিদিনে পুৱা খালি পেটত পানীৰ সৈতে আধা চামুচ কেৰেলাৰ পাউডাৰ খালে ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখিব পাৰিব। কেৰেলাৰ তিতা স্বাদ দূৰ কৰাৰ বাবে ইয়াত বিট নিমখ মিহলাব পাৰে। ৰস খাব নোৱাৰিলে তৰকাৰী বনাইও খাব পাৰে।
১০. শর্কৰাৰ পৰিমাণ অত্যধিক হাৰত বাঢ়ি গ’লে কিডনি আৰু হৃদযন্ত্র বিকল হৈ পৰিব পাৰে। সেয়ে ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰখাটো অত্যন্ত জৰুৰী। ঔষধৰ লগতে খোৱা-লোৱাৰ মাধ্যমেৰেও ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰিব পৰা যায়। গতিকে আপোনাৰ আহাৰৰ তালিকাত তিতা কেৰেলা অন্তৰ্ভুক্ত কৰক।
১১. যিসকল লোক বদহজমত আক্ৰান্ত সেইসকলৰ কাৰণে তিতাকেৰেলাক মহৌষধ স্বৰূপ।
১২. নিয়মিত তিতাকেৰেলা খালে মেলেৰীয়া ৰোগে সহজে আক্ৰান্ত কৰিব নোৱাৰে। বেছিকৈ তিতা কেৰেলা খোৱাজনৰ এইডছ, কৰ্কট ৰোগ আদিও সহজে হ’ব নোৱাৰে।
১২. প’টেছিয়াম, আইৰণ, বিটা, কেৰ’টিন, কেলছিয়ামাৰ উপৰি ভিটামিন বি-১, বি-২, বি-৩, চিৰে আদিৰে তিতাকেৰলা সমৃদ্ধ হৈ থাকে। ইয়াৰ ফলত এই খাদ্য সেৱনৰ ফলত ই মানুহক কু-পোষণৰ আঁতৰাই ৰখাত সহায় কৰে।
১৩. ছালত হোৱা দুৰাৰোগ্য ৰোগ যেনে ছ’ৰাইছিছত আক্ৰান্তসকলৰ কাৰণেও তিতাকেৰেলা অতি লাভদায়ক। গাত খজুৱতি হ’লে ইয়াক সিজাই গা ধুৱাৰ লগতে খালেও বহুখিন উপশম পোৱা যায়।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-accident-dumper-collision-with-four-cars/8660/
Discussion about this post