Banana Health Benefits: কল (Banana) হৈছে এনে এবিধ ফল, যাক খোৱাৰ ফলত আপোনাৰ শৰীৰে যথেষ্ট পৰিমানত কেলচিয়াম পোৱা যায়। যদি আপুনি ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰে তেন্তে আশ্চৰ্যজনক লাভালাভ পাব। ইয়াৰ পৰা এটা নহয় বহুতো লাভালাভ পোৱা যায়। ৰক্ত সঞ্চালন নিয়ন্ত্ৰণতো (Blood Circulation Control) কল যথেষ্ট সহায়ক। গতিকে আহক জানো এই ফলবিধৰ আন কি লাভালাভ আছে।
জানি লও আহক কলৰ (Banana) লাভালাভবোৰ কি কি?
১. ওজন নিয়ন্ত্ৰণ কৰাতো কল যথেষ্ট সহায়ক। যিসকলে তেওঁলোকৰ ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেওঁলোকে নিশ্চিতভাৱে এই ফলবিধ তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে, অৱশ্যে, আপুনি এই ফলবিধ নিয়মীয়াকৈ খাব লাগিব, তেতিয়াহে আপুনি উন্নত ফলাফল লাভ কৰিব।
২. যিসকল লোকৰ সদায়ে পেট বেয়া হৈ থাকে, তেওঁলোকে নিশ্চিতভাৱে এই ফলবিধ তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে। কল খালে পাচন তন্ত্ৰ শক্তিশালী হয়। ই লাহে লাহে পেট ফুলা সমস্যাটোও আঁতৰ কৰিব।
৩. কিছুমান লোকে কল এইকাৰণে নাখাই যে তেওঁলোকে ভাবে যে কল খালে ছুগাৰ বাঢ়ি যাব, কিন্তু এনে লোকসকলক কও যে আপুনি ইয়াত ভুল কৰিছে। এই ফলটো খালে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত (Blood Suger Level Control) থাকে। কেৱল এয়াই নহয়, ইয়াৰ ব্যৱহাৰে আপোনাৰ হৃদযন্ত্ৰও সুস্থ হৈ থাকিব। অৰ্থাৎ হৃদৰোগীয়েও এই ফল সেৱন কৰিব পাৰে। ই নিশ্চিতভাৱে আপোনাক লাভান্বিত কৰিব।
৪. যিসকল লোকৰ শৰীৰত অতি কম পৰিমাণৰ কেলচিয়াম থাকে, তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ আহাৰত কল অন্তৰ্ভুক্ত কৰিব লাগে। যদি আপুনি প্ৰতিদিনে কল খায়, আপুনি নিজেই ফলাফল বোৰ দেখিব। অৰ্থাৎ, আপুনি এই ফলটো নিশ্চয়কৈ খাব লাগে।
৫. কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে।
৬. পকা কলৰ লগত জিৰা গুড়ি মিহলাই খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।
৭. থেতেলা খাই বা বিষ হৈ উখহি থকা অংশত পকা কল, আটা পানীৰ লগত মিহলাই পিটিকি জুইৰ ওপৰত গৰম কৰা লেপ বান্ধিব লাগে।
৮. পেটত কৃমি বেছি হ’লে কেঁচা কল খাব লাগে।
৯. কল গছৰ ভিতৰত কোমল অংশৰ ৰস আধা কাপ উলিয়াই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত খাব লাগে।
১০. নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি পায়। হিম’গ্লোবিনো বৃদ্ধি পায়।
১১. ২৫০ মিঃলিঃ গাখীৰ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি (Sex) বৃদ্ধি পায়।
১২. নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে।
১৩. শৰীৰে পৰ্য্যাপ্ত প্ৰ’টিন আৰু শক্তি লাভ কৰিবলৈ হ’লে গাখীৰৰ লগত কল খাব লাগে।
১৪. পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে গাখীৰৰ লগত কল খাব লাগে।
১৫. জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থ’ব লাগে। জ্বলা-পোৰা কমি অহাৰ লগতে জোলাও নাবান্ধে।
১৬. কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে।
১৭. কলত ফাইবাৰ থাকে, দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োটা। দ্ৰৱণীয় আঁহে হজমীৰ গতি লেহেমীয়া কৰে আৰু দীঘলীয়া সময়ৰ বাবে আপোনাৰ ভোক অনুভৱ নহয়। যাৰ বাবে কলবোৰ প্ৰায়ে ৰাতিপুৱাৰ আহাৰত অন্তৰ্ভুক্ত কৰা হয় যাতে আপুনি পৰৱৰ্তী আহাৰৰ বিষয়ে চিন্তা নকৰাকৈ আপোনাৰ দিনটো আৰম্ভ কৰিব পাৰে।
১৮. কলত আইৰনৰ পৰিমাণ অধিক হোৱাৰ বাবে, সেইবোৰ ৰক্তহীনতাত ভুগি থকাসকলৰ বাবে ভাল। ৰক্তহীনতা হৈছে এনে এক স্থিতি য’ত তেজত লোহিত ৰক্ত কণিকা বা হিমোগ্ল’বিনৰ সংখ্যা হ্ৰাস হয়। ইয়াৰ ফলত ভাগৰ, উশাহ চুটি হোৱা, আৰু শেঁতা পৰা হয়।
১৯. ঢিলা শৌচ (ডায়েৰিয়া)ৰ বাবে কল হৈছে এক ভাল ঘৰুৱা প্ৰতিকাৰ কিয়নো ই এক বাইণ্ডিং এজেণ্ট হিচাপে কাম কৰে। ডায়েৰিয়াই শৰীৰক ডিহাইড্ৰেট কৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ ইলেক্ট্ৰলাইট ছিঙি পেলায়। কলৰ দ্বাৰা সেই হেৰুওৱা পুষ্টিবোৰ পুনৰুদ্ধাৰ কৰাত সহায় কৰে।
২০. কলৰ বাকলিৰ ভিতৰৰ বগা আৱৰণ হৈছে চ’ৰিয়েচিছ, ব্ৰণ আৰু ছালৰ অন্যান্য স্থিতিৰ চিকিৎসাৰ বাবে এক জ্ঞাত প্ৰতিকাৰ। কলৰ বাকলিয়ে আঁচিল আৰু সামান্য পোৰাৰ চিকিৎসাত প্ৰমাণিত প্ৰভাৱ পেলায় বুলিও জনা যায়।
২১. যদি আপুনি ব্যায়াম কৰাৰ পিছত পেশীৰ বাৰে বাৰে বিষ অনুভৱ কৰে, আপোনাৰ শৰীৰত মেগনেছিয়ামৰ অভাৱ হ’ব পাৰে। মেগনেছিয়াম সমৃদ্ধ কল এটাই পেশীসংকোচন আৰু শিথিলতাত সহায় কৰিব পাৰে যি ক্ষীণ পেশীৰ ভৰ বৃদ্ধি কৰে।
২২. কলত পটাছিয়াম থাকে যি আপোনাৰ বৃক্ক স্বাস্থ্যৱান আৰু পৰিষ্কাৰ ৰখাত সহায় কৰে। কিছুমান অধ্যয়নে পৰামৰ্শ দিয়ে যে যিসকলে সপ্তাহত ৪-৬ বাৰ কল খায় তেওঁলোকৰ বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা এই ফল নোখোৱা লোকসকলৰ তুলনাত প্ৰায় ৫০% কম।
২৩. কলত ভিটামিন A, ভিটামিন E, লুটিন আৰু এণ্টিঅক্সিডেণ্ট থাকে যি আপোনাৰ দৃষ্টি শক্তি স্বাস্থ্যৱান ৰখাত সহায় কৰে। লুটিন হৈছে এক পুষ্টি যি মেকুলাৰ অৱক্ষয়ৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে।
২৪. কলৰ বাকলি দাঁত বগা কৰাৰ বাবে অতি উপকাৰী। কলৰ বাকলিৰ ভিতৰৰ অংশটো প্ৰায় ২ মিনিটৰ বাবে লাহেকৈ ঘঁহিলে বগা আৰু উজ্জ্বল দাঁতৰ আকাংক্ষিত প্ৰভাৱ পৰিব।
২৫. কল হাতেৰে পিটিকি শৰীৰত লেপন দি গা ধুলে অংগবিলাকৰ ছালৰ সৌন্দৰ্য্য অটুত থাকে।
২৬. কফত তেজ ওলালে কল খাব পাৰে। এনে ক্ষেত্ৰত কলৰ উপকাৰিতা দেখা যায়।
২৭. কল পিহি জলফাই তেল মিলাই সর্বাংগত মালিচ কৰিলে ত্বক কোমল হয় আৰু ছালত থকা দাগ নোহোৱা হয় ।
২৮. চিকিৎসকসকলৰ মতে কল এবিধ শক্তি বৃদ্ধিকাৰক ফল। কল খালে শুক্ৰ বৃদ্ধি হয় আৰু পৰিপুষ্ট হয়।
২৯. কলে শৰীৰত চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে ।
৩০. কলৰ সৰু সৰু টুকুৰা কৰি মৌ মিহলাই খুৱালে জণ্ডিচ ৰোগ ভাল হয় ।
৩১. বুকুত কফ হ’লে পকা কলৰ লগত মৌ মিলাই খালে কফ গলি ওলাই ফুসফুস পৰিস্কাৰ কৰি পেলায় ।
৩২. কলত কেলৰিৰ পৰিমাণ যথেষ্ট কম থকাৰ বাবে চৰ্বী বেছি থকা লোকে কল খালেও উপকাৰ পাব পাৰে। কলত থকা আঁহজাতীয় পদার্থই বহু সময়লৈকে মানুহক ভোক নলগাকৈ ৰাখে।
৩৩. কলত থকা পটাছিয়ামে মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। কলে শৰীৰত পটাছিয়ামৰ পৰিমাণ বঢ়ায় আৰু লগতে ছডিয়ামৰ পৰিমাণ কমায়। এজন লোকে সপ্তাহত ৪-৬টা কল খালে, তেনে লোকৰ কিডনীৰ অসুখ হোৱাৰ আশংকাও হ্ৰাস পায় ।
৩৪. কল খালে শৰীৰৰ গাঁঠিৰ বিষ নিয়ন্ত্ৰণত থাকে।
৩৫. পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে গাখীৰৰ লগত কল খালে যথেষ্ট উপশম পোৱা যায়।
Photo: Google
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/rip-kishor-das-passes-away-at-chennai/10188/
Discussion about this post