Black Pepper Health Benefits: সকলোৰে পাকঘৰত নিশ্চিতভাৱে জালুক পোৱা যায়, কিন্তু আপুনি জানেনে যে জালুকৰ এটা নহয় বিভিন্ন লাভালাভ আছে। যদি আপুনি জালুকৰ পৰা পলাই ফুৰে তেন্তে, আজিয়েই বজাৰৰ পৰা ইয়াক ক্ৰয় কৰক আৰু নিজৰ আহাৰত অন্তৰ্ভুক্ত কৰক। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ পৰা আৰম্ভ কৰি মেদবহুলতা হ্ৰাস কৰাতো জালুক উপকাৰী। আহক জানো ইয়াৰ বাহিৰেও জালুকৰ লাভালাভবোৰ কি কি। জালুকত থকা ভিটামিন A, ভিটামিন C, কেৰ‘টিন, এণ্টি অক্সিডেণ্ট আদি উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
আহক জানি লওক জালুকৰ (Black Pepper) লাভালাভবোৰ কি কি?-
১. জালুকে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অৰ্থাৎ জালুকেৰে আপুনি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি হৃদ আক্ৰমণৰ (Heart Attack) আশংকা হ্ৰাস কৰিব পাৰে।
২. একে সময়তে পৰিৱৰ্তনশীল জীৱনশৈলীত প্ৰায়ে লোক মেদবহুলতাৰ সমস্যাত ভুগি আছে। এনে পৰিস্থিতিত আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনাৰ আহাৰত জালুক অন্তৰ্ভুক্ত কৰিব পাৰে। যদি আপুনি বিচাৰে জালুক আপুনি চাহত মিহলি কৰি খাব পাৰে।
৩. চৰ্দি আৰু কাহৰ ক্ষেত্ৰতো জালুক অতি উপযোগী। জালুক বহুতো উপাদানেৰে সমৃদ্ধ, যি শৰীৰক লাভান্বিত কৰে। ইয়াত এক পেপাৰইন গুৰুত্বপূৰ্ণ যৌগ থাকে, যি চৰ্দি, কাহৰ দৰে ৰোগ নিৰাময় কৰাত মুখ্যতঃ উপকাৰী।
৪. ইয়াৰ উপৰিও, গাঁঠিৰ বিষৰ অভিযোগ হ্ৰাস কৰাত জালুক অতি উপকাৰী। জালুকত প্ৰদাহ-প্ৰতিৰোধী উপাদান থাকে, যি গাঁঠিৰ বিষ হ্ৰাস কৰাত উপকাৰী।
৫. ছালত কোনো ধৰণৰ ফোঁহা (Boil) ওলালে তাত জালুকৰ গুড়ি লগালে ফোঁহাটো বহি যায়।
৬. শৰীৰৰ বিষ (Body pain) আদি ৰোগ নিৰাময়ৰ ক্ষেত্ৰত জালুকৰ উপকাৰিতা দেখা যায়। শৰীৰত বিষ হ’লে ভেদাইলতা পাতৰ বা ঠাৰিৰ ৰসৰ সৈতে জালুক গুৰি অলপ মিহলাই একেৰাহে দিনত দুবাৰকৈ তিনি –চাৰিদিনমান প্ৰায়ে খালে বিষৰ পৰা পৰিত্ৰাণ পোৱা যায়।
৭. নিমোনিয়া, পানীলগা, কাহ, শ্বাস ৰোগ আদিৰ বাবে জালুক (Black Pepper) উপকাৰী। এই ৰোগসমূহ হ’লে এচামুচ মৌ লগত তিনিটা বা চাৰিটা জালুক গুড়ি কৰি ভালদৰে মিহলাই প্ৰতিদিনে তিনিবাৰকৈ একেৰাহে খালে এই ৰোগসমূহৰ পৰা ৰেহাই পোৱা যায়।
৮. মূৰ বিষৰ বাবে জালুকৰ উপকাৰিতা যথেষ্ট। এটা জালুক বেজীৰে ফুটা কৰি সেইটো মʼমৰ শিখাত জ্বলিবলৈ দিয়ক। তাৰ পৰা যি ধোৱা ওলাব, সেই ধোৱাখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক এনে কৰিলে মূৰ বিষ দূৰ হয়।
৯. জালুক ৰক্তচাপ (Blood Pressure ) ৰোগত ভোগা লোকৰ বাবে উপকাৰী। ৰক্তচাপ ৰোগ থকা ব্যক্তি সকলে দিনত দুই –তিনিবাৰকৈ, চাৰি –পাঁচটা জালুকৰ সৈতে ১৫ নহ’লে ২০টা মান খিচমিচ (Raisins) সেৱন কৰিব লাগে।
১০. চকুৰ দৃষ্টশক্তি বৃদ্ধিৰ বাবে জালুক (Black Pepper) উপকাৰী। এচামুচ জালুকৰ সৈতে অলপমান ঘিউ মিহলাই পুৱা আৰু গধূলি নিয়মীয়াকৈ সেৱন কৰিলে চকুৰ দৃষ্টি বাঢ়ে।
১১. সৰু ল’ৰা –ছোৱালীৰ কৃমি (Worm) ৰোগৰ প্ৰতিৰোধক হিচাপে জালুকৰ উপকাৰিতা আছে। তিনি –চাৰিটামান জালুকৰ গুড়িৰ সৈতে সামান্য নিমখ মিহলাই সেই মিশ্ৰণখিনিকে দিনত তিনিবাৰকৈ খাব লাগে এনে কৰিলে সৰু ল’ৰা –ছোৱালীৰ কৃ্মি নাশ হয়।
১২. বহু দিন ধৰি পিত্ত ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ বায়ু ঊদ্ধমূখী হৈ হাঁওফাঁও, বুকু আৰু মূৰৰ বিষ আদিৰ সৃষ্টি হয়। তেতিয়া এই ৰোগ নিৰাময়ৰ বাবে প্ৰায়ে ৩০০ গ্ৰাম গাখীৰৰ লগত তিনি –চাৰিটামান জালুক (Black Pepper)ৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে দুবাৰকৈ পাঁচ –ছয়দিন খালে এই ৰোগ পৰা নিৰাময় পোৱা যায়।
১৩. হাঁপানী ৰোগৰ বাবেও জালুকৰ উপকাৰিতা আছে। পনৌনোৱা গছৰ শিপাৰ সৈতে অলপমান জালুকৰ গুড়ি মিশ্ৰণ কৰি আকৌ ভালকৈ সেই মিশ্ৰণ খুন্দি অলপ কুহুমীয়া গৰমপানী দিনে দুবাৰকৈ দৈনিক ৮-৯ দিন সেৱন কৰিলে হাঁপানী (Asthma) ৰোগ নিৰাময় হয়।
১৪. জালুক গুৰুপাক নাশক, ৰুচিকৰ আৰু বায়ু নাশক। জালুক যকৃত ৰোগৰ বাবেও উপকাৰী।
১৫. চাৰি পাঁচটা জালুকৰ লগত পোন্ধৰটা খিচমিচৰ দানা চোবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয় ।
১৬. আপোনাৰ ৰক্তচাপ (Blood Pressure) আছে নেকি ? তেন্তে দিনত দুই তিনিবাৰ পাঁচটা জালুকৰ লগত ২১টা খিচমিচৰ দানা সেৱন কৰাৰ অভ্যাস কৰক ।
১৭. মাজে-সময়ে টনছিলৰ অসুখত ভোগা মানুহে ক’লা কচুৰ আঞ্জাৰ লগত চাৰি-পাঁচটামান জালুকৰ গুড়ি মিহলাই খালে এই অসুখ উপশম হয়। দুই-তিনি দিনৰ মূৰে মূৰে একেৰাহে এসাঁজকৈ এমাহ খালে এই অসুখৰ সুফল পোৱা যায়।
Photo: Google
Discussion about this post