Bay Leaf Tea Benefits: ভাৰতীয় ব্যঞ্জনসমূহত বিভিন্ন প্ৰকাৰৰ মচলা প্ৰয়োগ কৰা হয়। যাৰ ভিতৰত এটা হৈছে তেজপাত। তেজপাতৰ ব্যৱহাৰ কেইবাটাও ব্যঞ্জনত ব্যৱহাৰ কৰা হয়। ইয়াৰ সোৱাদ আৰু গোন্ধ যথেষ্ট ভাল। তেজপাতত (Bay Leaf Tea Benefits) কেইবা প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে। ইয়াৰ ভিতৰত- অক্সিডেণ্ট, তাম, কেলচিয়াম আৰু আইৰন। যাৰ বাবে তেজপাতেৰে বনোৱা চাহো স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হয়। আহক জানো কেনেদৰে তৈয়াৰ কৰে তেজপাতৰ চাহ (How to Make Bay Leaf Tea)। ইয়াত জানক বনোৱা নিয়ম…
কেনেদৰে বনাব তেজপাতৰ চাহ
তেজপাত – ৩
দালচেনী পাউডাৰ – এচিকুট
পানী – ২ কাপ
নেমু
মৌ
নিয়ম
ইয়াক বনাবলৈ এটা পাত্ৰত পানী লওঁক আৰু গেছত বহায় দিয়ক। তাত তেজপাত ঢালি দিয়ক আৰু উতলাওক। তাৰ পিছত তাত দালচেনী পাউডাৰ ঢালক। ১০ মিনিট উতলাৰ পিছত বন্ধ কৰি দিয়ক। এতিয়া তাত নেমু আৰু মৌ মিহলি কৰক।
তেজপাতৰ (Bay Leaf Tea) চাহৰ লাভালাভ
ওজন হ্ৰাসত উপকাৰী- তেজ পাতৰ চাহে শৰীৰত Metabolismক বুষ্ট কৰাত সহায় কৰে। ই শৰীৰৰ অতিৰিক্ত চৰ্বি দহন কৰে। একে সময়তে ই মানসিক চাপৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।
সংক্ৰমণ আঁতৰ কৰি ৰাখে – তেজপাতত ভিটামিন চিৰ যথেষ্ট পৰিমান পোৱা যায়। তাত এণ্টি বেক্টিৰিয়েল গুণ পোৱা যায় যিয়ে সংক্ৰমণ আঁতৰ কৰাত উপকাৰী।
ৰক্ত শৰ্কৰা (Blood Suger) নিয়ন্ত্ৰণ কৰে – তেজ পাতে ৰক্ত শৰ্কৰাৰ (Blood Suger) স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তেজপাতত ফাইটোকেমিকেল পোৱা যায় যি তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/sarthebari-thief-case-loot-money-bike-jewellery-in-assam/7003/
Discussion about this post