ছবজী, নুডলছ আৰু গাৰ্নিছিঙত মুখ্যভাবে ব্যৱহাৰ কৰা কেপছিকামক (Capsicum) চালাড হিচাপেও খোৱা হয়। ৰঙা, সেউজীয়া আৰু হালধীয়া ৰঙত পোৱা কেপছিকাম স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী। ইয়াত ভিটামিন চি, ভিটামিন এ, ভিটামিন কে, ফাইবাৰ আৰু বিটা-কেৰোটিন প্ৰচুৰ পৰিমানত পোৱা যায়। কেপছিকামত কেলৰি নাথাকে বুলিয়ে ক’ব পাৰি যাৰ ফলত কলেষ্টেৰল বৃদ্ধি নহয়।
কেপছিকামে (Capsicum) কেৱল ভিটামিন চি আৰু ভিটামিন এ-ৰ প্ৰয়োজনীয়তাই পূৰণ নকৰে, লগতে ইয়াৰ আৰু বহুতো লাভালাভ আছে।
১. আৰ্থ্ৰাইটিছত (Arthritis) উপকাৰী
যদি আপোনাৰ আৰ্থ্ৰাইটিছৰ অভিযোগ আছে, তেনেহ’লে কেপছিকাম খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব। Quinineৰ সৈতে কেপচিকাম খোৱাটো আৰু অধিক লাভজনক হ’ব।
২. কৰ্কট (Cancer) ৰোগৰ পৰা সুৰক্ষা
কেপছিকামত এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমানত থাকে, যি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায়ক। ছালফাৰ যৌগ আৰু লাইকোপেনৰ উপস্থিতিয়েও কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ কাম কৰে।
৩. আইৰনৰ অভাৱ
কেপছিকাম হৈছে ভিটামিন চি-ৰ এটা ভাল মাধ্যম আৰু আইৰনৰ শোষণৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। আইৰনৰ অভাৱৰ বাবে ৰক্তহীনতাৰ আশংকা বৃদ্ধি হয়।
৪. ডায়েবেটিচ (Diabetes) নিয়ন্ত্ৰণ কৰিবলৈ
কেপছিকাম ৰক্ত শৰ্কৰা (Blood Suger) নিয়ন্ত্ৰণত কাৰ্যকৰী। এনে পৰিস্থিতিত, ডায়েবেটিচ ৰোগীসকলক আহাৰত কেপছিকাম অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়া হয়।
৫. ওজন হ্ৰাসৰ (Weight Loss) বাবে
কেপছিকাম খোৱা লোকৰ Metabolism যথেষ্ট ভালে থাক, যি ওজন হ্ৰাস কৰিবলৈ অতি গুৰুত্বপূৰ্ণ।
৬. হাড় আৰু ছালৰ (Bone And Skin) বাবে
কেপছিকামত থকা ভিটামিন চি-য়ে ছালক বহুতো সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে, ই গাঁঠিবোৰ শক্তিশালী কৰে। ইয়াত থকা ভিটামিন কে তেজ গোট মৰাত সহায়ক। ছালৰ উজ্জলতা অটুট ৰখাৰ ক্ষেত্ৰত কেপছিকামৰ যাদুকৰী গুণ আছে। তদুপৰি, ছালত কোচ খোৱা বা শালমইনা প্ৰতিৰোধত ই বিশেষ কাৰ্যকৰী।
৭. ৰোগ প্ৰতিৰোধক্ষমতাৰ বাবে
ভিটামিন চি গ্ৰহণ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰা হয়। কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ই সহায়ক।
৮. কেপছিকামে যিকোনো বিষৰ পৰা মুক্তি দিয়ে। মাইগ্ৰেন, ছাইনাছ, সংক্ৰমণ, দাঁতৰ বিষ, অষ্টিঅ’আৰ্থাৰাইটিছ ইত্যাদিৰ বিষৰ উপশম কৰাত কাম কৰে।
৯. মেলেৰিয়া, জ্বৰ আদিতো কেপছিকামৰ কাৰ্যকৰী উপকাৰিতা আছে।
১০. কেপছিকামত থকা ভিটামিন ‘চি’য়ে মস্তিষ্কৰ পেশী পুনৰুজ্জীৱিত কৰাৰ লগতে দেহৰ হাড়কো সুগঠিত কৰি তোলে।
Photo: Google
Discussion about this post