Men’s Health: আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসে যৌন স্বাস্থ্যক প্ৰভাৱিত কৰে। বিবাহিত পুৰুষসকলে তেওঁলোকৰ আহাৰত কিছুমান বস্তু নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ দ্বাৰা টেষ্টোষ্টেৰন হৰমন বৃদ্ধি কৰে আৰু পুৰুষৰ ষ্টেমিনা বৃদ্ধি কৰে। বিশেষজ্ঞসকলৰ মতে, প্ৰচুৰ পৰিমাণে প্ৰ’টিন খালে আপুনি লাভ পাব। ই শক্তিৰ স্তৰ (Energy Level) বজাই ৰাখে। লগতে ভিটামিন বি, ভিটামিন ই আৰু জিংক সমৃদ্ধ বস্তু খাওক।
কল (Banana)
কলত পটাছিয়াম আৰু ভিটামিন বি৬ৰ পৰিমান যথেষ্ট থাকে। নিয়মীয়াকৈ কল সেৱনে পুৰুষৰ যৌন সমস্যা (Sexual Problems) আঁতৰ কৰেH।
পালেং শাক (Spinach Plant)
পালেং শাক সেৱন কৰিলেও আপোনাৰ বাবে লাভজনক হ’ব। সেউজীয়া পাতত আইৰনৰ মাত্ৰা অধিক থাকে। ইয়াৰ দ্বাৰা ৰক্ত সঞ্চালন উন্নত হয়।
নহৰু (Garlic)
নহৰুত ভিটামিন চি, ভিটামিন বি৬, ফছফৰাছ, মেংগানিজ, জিংক, কেলচিয়াম আৰু আইৰনৰ পৰিমান থাকে। এই সকলোবোৰ উপাদান স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। নহৰু খালে ৰক্ত সঞ্চালন বৃদ্ধি হয়। ই টেষ্টোষ্টেৰন হৰমন বৃদ্ধি কৰাতো সহায় কৰে।
কিচমিচ (Raisins)
বিবাহিত পুৰুষৰ বাবে কিচমিচ খোৱাটোও অত্যন্ত লাভজনক। ই টেষ্টোষ্টেৰন হৰমন বৃদ্ধি কৰে আৰু পুৰুষৰ যৌন সমস্যা আঁতৰ কৰে। মৌ আৰু কিচমিচ খোৱাৰ অভ্যাস কৰক। ইয়াৰ দ্বাৰা লাভ পাব আপুনি।
খেজুৰ (Dry Date)
খেজুৰ খালে পুৰুষৰ ষ্টেমিনা বৃদ্ধি হয়। খেজুৰত এমিনো এচিড থাকে আৰু ইয়াক সেৱন কৰিলে যৌন স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।
Photo: Google
Discussion about this post