“ভাৰতত বছৰি কমেও এক নিযুত লোক মুখগহ্বৰৰ কৰ্কট ৰোগত (Cancer) আক্রান্ত হয়। ৪০ৰ পৰা ৬০ বছৰলৈ সর্বাধিক লোক এই ৰোগত আক্রান্ত হয়।” এই মন্তব্য জ্যেষ্ঠ দন্ত চিকিৎসক দিলীপ শেঠীয়াৰ (Dr. Dilip Sethia)।
আজি পার্ল ৩২ দত্ত ক্লিনিকৰ অষ্টম বর্ষপূর্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে। লগতে তেওঁ কয় যে আমাৰ সমাজৰ প্ৰায়সংখ্যক লোকেই দাঁতৰ যতন লোৱাৰ ক্ষেত্ৰত সচেতন নহয়। দত্ত ৰোগৰ বাবে যে আন সমস্যায়ে গা কৰি উঠিব পাৰে সেই বিষয়ে বহু লোক আগ্রহী নহয় বুলি উল্লেখ কৰি ডাঃ শেঠীয়াই পুনৰ কয় যে সৰুৰে পৰাই যদি সতর্কতা অবলম্বন কৰা হয় তেনেহলে মুখগহ্বৰৰ কৰ্কট ৰোগৰ পৰা হাত সাৰিব পাৰি।
গুটখা, ধঁপাত আদিৰ বাবে মুখগহ্বৰৰ কৰ্কট ৰোগ হয় যদিও আন কাৰণতো হ’ব পাৰে। আনহাতে, অতি সম্প্রতি সমগ্র বিশ্বতে ডায়েবেটিছত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি ডাঃ শেঠীয়াই পুনৰ কয় যে এনে ৰোগীয়েও সতর্কতা অবলম্বন কৰা উচিত।
আজিকালি ডায়েবেটিছত আক্রান্ত বহুতো লোকেই দন্ত সমস্যা লৈ চিকিৎসকৰ ওচৰলৈ যোৱা বুলিও তেওঁ কয়। ডাঃ শেঠীয়াই ব্ৰাছ কৰোঁতেও সকলোৱে সাৱধান হ’ব লাগে বুলি কয়। পার্ল ৩২ দন্ত ক্লিনিকৰ (Pearl 32 Dental Spa & Cosmetic Clinic) বর্ষপূর্তি উপলক্ষে ষাঠি বছৰৰ ঊৰ্ধ্বৰ লোকসকলক বিনামূলীয়াকৈ চোৱা হয় বুলিও তেওঁ উল্লেখ কৰে।
তদুপৰি বর্ষপূর্তিৰ সৈতে সংগতি ৰাখি “টুথ গাইড বুক” নামৰ এখন ডিজিটেল বুকলেট মুকলি কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডাঃ অনুৰাধা শৰ্মা, ডা. হার্থিকা নাৰুকা, ডাঃ জয়শ্রী কলিতা, ডাঃ নেহা বোধবা, ডাঃ গুল্পনা কলিতা, ডা: শ্রেয়া কোঠাৰী, ডাঃ কল্যাণ ডেকা, ডাঃ নিশি পোড্ডাৰ, ডাঃ চনাম পোড্ডাৰ আগবাল আৰু ডাঃ পার্থ সাহা।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/
Discussion about this post