ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …
সম্পূৰ্ণ ৫ দিনৰ পিছত হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিল অভিনেতা নবাব ছঈফ আলী খান। হাস্পতালৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত অভিনেতাগৰাকীয়ে পথত ৰৈ থকা অনুৰাগী – শুভাকাঙ্খীক হাত জোকাৰী হাঁহি মুখেৰে সকলোকে সম্ভাষণ জনায়। নবাব ছঈফ আলীয়ে আজি গাড়িৰ পৰা নামিয়ে খোজকাঢ়ি ঘৰলৈ যায়। নবাব ছঈফে ঘটনা সংঘটিত হোৱা তেখেতৰ সৎগুৰুচৰণ এপাৰ্টমেণ্ট ইতিমধ্যে খালী কৰিছে আৰু হাস্পতালৰ পৰা পোনে পোনে তেখেতে ফৰচুন হাইট্ ছ নামৰ নতুন গৃহাভিমুখে ৰাওনা হয়। ফৰচুন হাইট্ ছ হৈছে ছঈফ আলী খানৰ কাৰ্যালয়। অস্থায়ীভাৱে এই কাৰ্যালয়ৰ ভৱনটোতে থকাৰ ব্যৱস্থা কৰিছে অভিনেতা ছঈফে। অভিনেতাগৰাকীৰ ঘৰৰ বাহিৰত সুৰক্ষা ব্যৱস্থা ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে। ইপিনে এই ঘটনাৰ পিচত অভিনেতা ছঈফে তেওঁৰ সুৰক্ষাৰ দায়িত্ব অভিনেতা ৰোণিত ৰয়ৰ সুৰক্ষা সংস্থাক প্ৰদান কৰিছে। এই সুৰক্ষা সংস্থাই অভিনেতা অমিতাভ বচ্চন, অক্ষয় কুমাৰ, আমিৰ খানৰ দৰে বলিউডৰ জনপ্ৰিয় তাৰকাসকলৰ সুৰক্ষাত নিয়োজিত হৈ আহিছে।
Discussion about this post