মহিলাসকলে (Women) প্ৰতিটো খোজতে কিছুমান দুষ্ট লোকৰ সন্মুখীন হ’বলগীয়া হয়। বিশেষকৈ ৰাজহুৱা পৰিবহনত তেওঁলোকৰ এই সমস্যা আৰু বৃদ্ধি হৈ যায়। ব্ৰাজিল (Brazil)ৰ বাছত যাত্ৰা কৰা এগৰাকী মহিলাৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছিল, কিন্তু তাৰ পিছত মহিলাগৰাকীয়ে সেই লোকজনৰ যি অৱস্থা কৰিছিল সেয়া প্ৰশংসাৰ যোগ্য। মহিলাগৰাকীয়ে কেৱল অভিযুক্ত যুৱকজনক পাঠে নিশিকালে, তাৰ লগতে চালকজনক বাছখন আৰক্ষী চকীলৈ লৈ যাবলৈ বাধ্য কৰোৱাইছিল যাতে অভিযুক্তজনক তাৰ সঠিক স্থানলৈ লৈ যাব পৰা যায়।
অভিযুক্তই লয় ভিৰৰ সুবিধা
ডেইলী মেইলৰ ৰিপৰ্ট অনুসৰি, অভিযুক্ত লোকজনে ভাবিব পৰা নাছিল যে তেওঁ যাৰ লগত অশালীন কাৰ্য (Sexually Harassed) কৰি আছিল, তেওঁ এগৰাকী থাই বক্সাৰ (Thai Boxer) হয়। এই ঘটনাটো তেতিয়া সংঘটিত হৈছিল যেতিয়া মহিলাগৰাকী জিমৰ পৰা ঘৰলৈ উভতি আহি আছিল। বাছখনত যাত্ৰা কৰাৰ সময়ত অভিযুক্তই ভিৰৰ সুবিধা লয় মহিলাৰ সৈতে অশ্লীল কাৰ্য্য কৰিবলৈ লৈছিল। কিছু সময়ৰ বাবে মহিলাগৰাকী নীৰৱ হৈ থাকিল, কিন্তু যেতিয়া ধৈৰ্যৰ সীমা ভাঙি গৈছিল তেতিয়া মহিলাগৰাকীয়ে এটা পাঠ পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
চাওক VIDEO-
প্ৰথমে খোচা মাৰে, তাৰ পিছত গবা মাৰি ধৰে
বক্সাৰজনে প্ৰথমে লোকজনক এটা প্ৰচণ্ড ঘোচা শোধাই, তাৰ পিছত পাছফালৰ পৰা ডিঙিত ধৰি গবা মাৰি ধৰে। মহিলাগৰাকীয়ে গবা মাৰি ধৰাৰ পিছত লোকজনৰ অৱস্থা যথেষ্ট বেয়া হয়। কেইছেকেণ্ডৰ ভিতৰতে লোকজন মাটিত ঢলি পৰে। আটাইতকৈ আচৰিত কথাটো হ’ল যে যেতিয়া অভিযুক্তজনে মহিলাগৰাকীৰ লগত অশ্লীল কাৰ্য চলাই আছিল, বাছখনত উপস্থিত থকা কোনো যাত্ৰীয়ে লোকজনৰ বিৰোধিতা কৰা নাছিল। তাৰ পিছতো তেওঁলোক মৌনতা অৱলম্বন কৰিছিল, তেওঁলোকে যিখিনি সক্ৰিয়তা দেখুৱাইছিল সেয়া কেৱল ভিডিঅ’ বনোৱাৰ বাবে আছিল।
পূৰ্বেও শিকাইছিল পাঠ
লোকজনক এশিক্ষা দিয়াৰ পিছত মহিলাগৰাকীয়ে চালকক বাছখন নিকটতম আৰক্ষী চকীলৈ লৈ যাবলৈ কৈছিল। আৰক্ষীয়ে কৈছিল যে অভিযুক্তগৰাকী মহিলাগৰাকীৰ পাছফালে থিয় হৈ আছিল আৰু বাৰে-বাৰে নিজৰ যৌনাংগৰে মহিলাগৰাকীৰ অংগ স্পৰ্শ কৰোৱাই আছিল। ভুক্তভোগীয়ে কৈছিল যে বাছখনত থকা কোনো যাত্ৰীয়ে তাইক সহায় কৰা নাছিল, ইয়াৰ বিপৰীতে তেওঁলোক ভিডিঅ’ বনোৱাত ব্যস্ত আছিল। বক্সাৰজনৰ মতে, তেওঁ সৈতে পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল আৰু সেই সময়তো অভিযুক্তক ঘোচা মাৰি নাক ভাঙি দিছিল।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/child-labour-physically-harrasment-by-man-at-dibrugarh/3956/
Discussion about this post