মৰীয়নি (Mariani) নকছাৰিৰ এখন বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ভাইৰেল ভিডিঅ’য়ে (Viral Video) চিন্তিত কৰি তুলিছে সচেতন মহলক। যোৰহাট জিলা (Jorhat) শিক্ষা খণ্ডৰ অন্তৰ্গত মৰীয়নি নকছাৰিস্থিত নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ৰাসায়ন বিজ্ঞান পৰীক্ষাত পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে শিক্ষকৰ সন্মুখতে কৰিছে নকল (Cheat In Exam)।
শিক্ষকৰ উপস্থিতিত টেবুলত মোবাইল ফোন উলিয়াই প্ৰশ্নৰ উত্তৰ লিখি থকা ভিডিঅ’ ভাইৰেল (Viral Video) হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে সচেতন মহল। কেৱল ছাত্ৰ-ছাত্ৰীয়ে নহয়, ক্ষীৰোদ বৰা নামৰ শিক্ষক জনকো মোবাইলত ব্যস্ত থকা দেখা গৈছে।
Watch Viral Video-
বিদ্যালয়খনৰ অধ্যক্ষই ক্ষীৰোদ বৰা নামৰ শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ দিয়াৰ হে অভিযোগ উত্থাপন হৈছে। উল্লেখ্য মৰীয়নি (Mariani) নকছাৰি অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনত অনবদ্য অৱদান আগবঢ়োৱা নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান এনে অৱস্থাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে আছুৰ বিষয়ববীয়াই লগতে শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাই।
Photo & Input: ৰাজীৱ কৰ্মকাৰ
Discussion about this post