অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰৰ ড০ উপাসনা মহন্ত ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ৰিছাৰ্চ ফে’ল হিচাপেও কৰ্মৰত আছিল। SHEAC লৈ মনোনীত ভাৰতৰ প্ৰথমগৰাকী সদস্য ড০ উপাসনা মহন্তই বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্তি-শৈক্ষিক দিশ সন্দৰ্ভত কাম কৰি আহিছে। উল্লেখ্য যে অসম মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য, শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা সাংবাদিক প্ৰয়াত শৰত মহন্ত আৰু মীনা মহন্তৰ তনয়া ড০ উপাসনা মহন্তই জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু শিৱসাগৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ৰ মিৰাণ্ডা হাউছ আৰু হিন্দু কলেজৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। JNU ৰ পি এইচ ডি ডিগ্ৰীধাৰী ড০ উপাসনা মহন্ত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড০ পাৰ্থসাৰথি মহন্ত আৰু বিশিষ্ট নিবন্ধকাৰ ড০ সব্যসাচী মহন্তৰ ভগ্নী। ড০ উপাসনা মহন্ত দিল্লীৰ অ’ পি জিণ্ডাল গ্লবেল ইউনিভাৰছিটিৰ ডীন তথা অধ্যাপক হিচাপে কৰ্মৰত আছিল।
Discussion about this post