শুকুৰবাৰে দিনৰ ১১ বজাত ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত (HSLC) আৰু হাই মাদ্ৰাছাৰ( High Madrassa) ফলাফল। Covidৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে এইবাৰ বিকল্প পদ্ধতিৰে মূল্যায়ন পদ্ধতিৰ জৰিয়তে ফলাফল ঘোষণা কৰিলে ছেবাই। ৰাজ্যত এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ হাৰ অভিলেখ সংখ্যক ৯৩.১০ শতাংশ।
এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৪,২৬,৫৫৩ গৰাকী পৰীক্ষাৰ্থী। তাৰে ভিতৰত উত্তীৰ্ণ হৈছে ৩,৯৭,১৩২ গৰাকী পৰীক্ষাৰ্থী। পৰীক্ষা অনুষ্ঠিত নকৰাকৈ বিকল্প পদ্ধতিকে মূল্যাংকন কৰা এইবাৰৰ মেট্ৰিকৰ ফলাফলত নাই শীৰ্ষ ১০টা স্থান।
২০২১ৰ মেট্ৰিক পৰীক্ষাত ১০,৩৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন নম্বৰ লাভ কৰাৰ বিপৰীতে ২০,০৯২ গৰাকীয়ে লাভ কৰিলে ষ্টাৰ মাৰ্ক।
এইবাৰ মেট্ৰিকৰ মুঠ ছাত্ৰৰ সংখ্যা আছিল ১,৯৭,৫৬৫ গৰাকী। ইয়াৰে ৪১,৬৫৯জনে প্ৰথম, ৭৪,৪১০জনে দ্বিতীয় আৰু ৬৮,৩৪২জনে লাভ কৰে তৃতীয় বিভাগ। আনহাতে, মুঠ ছাত্ৰীৰ সংখ্যা আছিল ২,২৮,৯৮৮ গৰাকী। ইয়াৰে ৪৬,৮৬২ গৰাকীয়ে প্ৰথম, ৮৫,৮৮৮ গৰাকীয়ে দ্বিতীয় আৰু ৭৯,৯৭১ গৰাকীয়ে লাভ কৰে তৃতীয় বিভাগ।
ইফালে হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ। মুঠ ১২,২৭৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৭৫৯গৰাকীয়ে প্ৰথম বিভাগ, ৫,৫৮৬গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪,০৯৩গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে।
Photo: Google
Discussion about this post