হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিসংগতিৰ এটা স্পষ্ট উদাহৰণ। নৱম শ্ৰেণীত ফেইল কৰিও মেট্ৰিকত পালে প্ৰথম বিভাগ। আজৱ দেশত আজৱ কাণ্ড। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ জৰুৱাৰ চৰ পাব্লিক হাইস্কুলত।
প্ৰাপ্ত বাতৰি অনুসৰি ঝৰনাৰ চৰ গাঁৱৰ অৰ্থাৎ জৰুৱাৰ চৰ পাব্লিক হাইস্কুলৰ নৱম শ্ৰেণীত ইমদাদুল হকে ফেইল কৰিও মেট্ৰিকত পালে প্ৰথম বিভাগ আৰু ডিচটিংচন। এই ঘটনা সংঘটিত হোৱাৰ পিছত গোটেই অঞ্চল জুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আস্কমিকভাৱে শিক্ষা বিভাগৰ এনে ফলাফল দেখি হতভম্ব হৈ পৰিছে অঞ্চলবাসী। স্থানীয় ৰাইজে জনোৱা অনুসৰি ইমদাদুল হকে নৱম শ্ৰেণীত পঢ়া শুনা বাদ দি বিয়া পাতি গুৱাহাটীত দিন হাজিৰা কৰি আছিল। এনে ছাত্ৰক শিক্ষকসকলে প্ৰথম বিভাগ উত্তীৰ্ণ কৰোৱাই দিয়াৰ সচেতন মহলক হতভম্ব কৰি তুলিছে। এই ক্ষেত্ৰত ৰাইজে চৰকাৰৰ ওচৰত উচিত তদন্তৰ দাবী জনাইছে।
Photo & Input: সামিম জাকাৰীয়া
Discussion about this post