মস্কোৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰীষ্মকালীন বিদ্যালয়লৈ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ দল
মস্কোৰ পেট্ৰিচ লুমুম্বা পিপলছ ফ্ৰেণ্ডশ্বিপ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰী শ্ৰীমতী নিহালী মধুকৌল্য , শ্ৰীমতী প্ৰাচীতা দুৱৰা আৰু শ্ৰীমতী বিলাক্ষী বৰদলৈয়ে যোৱা ১৯ জুলাইৰ পৰা ২৯ জুলাইলৈ হবলগীয়া এখন আন্তঃৰাষ্ট্ৰীয় গ্ৰীষ্মকালীন বিদ্যালয়ত অংশগ্ৰহণ কৰিবলৈ মস্কো অভিমুখে ৰাওনা হৈছে।
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় আৰু ৰাছিয়াৰ পেট্ৰিচ লুমুম্বা পিপলছ ফ্ৰেণ্ডশ্বিপ বিশ্ববিদ্যালয়ৰ মাজত হ’বলগীয়া বিনিময় কাৰ্য্যক্ৰমত অংশ ল’বলৈ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক আমন্ত্ৰণ জনোৱা হৈছে। বিদেশত থকা সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে প্ৰকল্পভিত্তিক শিক্ষণৰ জৰিয়তে ৰাছিয়ান ভাষা আৰু সংস্কৃতিৰ সৈতে পৰিচিত হ’ব, লগতে কেইবাটাও সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ সৈতে ঘনিষ্ঠভাৱে অৱগত হ’ব পাৰিব লগতে ৰাছিয়াৰ প্ৰসিদ্ধ ঠাই সমূহ ভ্ৰমণ কৰিব পাৰিব ।
উপাচাৰ্য্য অধ্যাপক ড০ কন্দৰ্প দাসে যোৱা বছৰ ৰাছিয়া ভ্ৰমণৰ কালছোৱাত উচ্চ শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে পেট্ৰিচ লুমুম্বা বিশ্ববিদ্যালয়লৈ প্ৰস্তাৱ আগবঢ়াইছিল, যিয়ে শৈক্ষিক আৰু সাংস্কৃতিক দিশৰ বিনিময়ক বিশেষভাবে লাভাম্বিত কৰে। পাছলৈ পেট্ৰিচ লুমুম্বা বিশ্ববিদ্যালয়ৰ উপ-সঞ্চালক অধ্যাপিকা স্বেটলানা এলনিকোভাই ২০২৩ চনৰ ডিচেম্বৰ মাহত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় ভ্ৰমণ কৰি ৰাছিয়াত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।
২০২৪ চনৰ এপ্ৰিল মাহত দুয়োখন বিশ্ববিদ্যালয়ৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়, য’ত শৈক্ষিক আৰু সাংস্কৃতিক সহযোগিতাৰ সিদ্ধান্ত লোৱা হৈছিল।
Discussion about this post