নাৰী দিৱসৰ দিনটোতে আহিছে এটা সু-খবৰ। উচ্চ শিক্ষাৰ ক্ষেত্খনতো বৃদ্ধি পাইছে ভাৰতীয় নাৰীৰ সক্ৰিয়তা। উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত মহিলাসকলৰ অংশগ্ৰহণ উৎসাহজনকভাৱে বৃদ্ধি পাইছে ভাৰতবৰ্ষত। ২০২৪ চনত বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে বুলি শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে।
আনহাতে ইয়াৰ তুলনাত ভাৰতীয় বিশ্ববিদ্যালয়ত পুৰুষৰ নামভৰ্তিৰ হাৰ ৩.৬ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে ২০২৩ চনৰ পৰা ২০২৪ চনলৈকে মুঠ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰায় ১২ শতাংশ বৃদ্ধি পাইছে বুলি শিক্ষণ আৰু নিয়োগযোগ্যতা সমাধান সংস্থা টিমলিজ এডটেকৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
সমান্তৰালভাৱে ভাৰতবৰ্ষত এতিয়া বাঢ়িছে মহিলা ট্ৰেইন চালকৰ (লোকো পাইলট) সংখ্যা। ভাৰতীয় ৰেলৱেত ৰে’ল চলোৱা মহিলা ট্ৰেইন চালকৰ সংখ্যা বিগত দহ বছৰত পাঁচগুণ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে চৰকাৰী বিষয়াসকলে । ভাৰতবৰ্ষত প্ৰতিদিনে কোটিৰ সংখ্যাত জনসাধাৰণে ৰেলেৰে যাত্ৰা কৰে বিভিন্ন কাৰণত । হাজাৰ হাজাৰ লোকৰ সুৰক্ষাৰ দায়িত্ব লৈ গন্তব্যস্থানত উপস্থিত কৰোৱাৰ মুল দায়িত্ব থাকে ট্ৰেইন চালক সকলৰ। ভাৰতীয় ৰে’লৱে পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান খণ্ড, দীঘলীয়া কামৰ সময়, প্ৰত্যাহ্বানমূলক ভূখণ্ড, একক কাম, আৰু বৰ্ধিত কৰ্তব্যৰ সময় । কেতিয়াবা ৪০ ৰ পৰা ৬০ ঘণ্টা ধৰি ট্ৰেইন চালকসকলে কাম কৰিব লগা হয়। যাৰবাবে মহিলাই ৰে’লৱে খণ্ডত কাম কৰাটো জটিল হৈ পৰিছিল এটা সময়ত। কিন্তু বৰ্তমান সময়ত মহিলা সকলে সেই জটিলতা অতিক্ৰম কৰি উলাই আহিছে কৰ্ম সংস্থাপনৰ বাবে।
২০২৪ চনলৈকে ১,৮২৮ গৰাকী মহিলা ট্ৰেইন চালকে ভাৰতীয় ৰে’লৱেত কাম কৰিছে, যিটো এটা দশকৰ পূৰ্বে আছিল মাত্ৰ ৩৭১ গৰাকী । ইয়াৰে অধিকাংশ মহিলা ট্ৰেইন চালক উত্তৰ প্ৰদেশৰ (৩৬ৰ পৰা ২২২লৈ বৃদ্ধি)। তাৰ পিছতে তেলেংগানা (১৩ৰ পৰা ১৯৬) আৰু তামিলনাডুৰ (৩৯ৰ পৰা ১৮০লৈ) গৰাকী ট্ৰেইন চালক আছে ভাৰতীয় ৰে’লৱেত।
মহিলাসকলে ভাৰতীয় ৰে’লৱেত ট্ৰেইন চালক, ষ্টেচন মাষ্টাৰ, ট্ৰেকমেন, চিগনেল মেইণ্টেনেন্স, গাৰ্ড, গেংমেন হিচাপেও কাম কৰি আহিছে। এই ধাৰাটোৱে ভৱিষ্যতে এক সমতাপূৰ্ণ কৰ্মশক্তিৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিব ।
Discussion about this post