ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰলয়ৰ সৃষ্টি হোৱা ছিকিমৰ পৰা সুকলমে উভতাই অনা হ’ল অসমৰ প্ৰায় ১২৪ গৰাকী ছাত্ৰ-ছাত্ৰী। দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত উভাতাই অনা হৈছে ছিকিমত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থীসকলক। আজি পুৱাৰ ভাগতে গুৱাহাটীৰ Radisson Blu হোটেলত উপস্থিত হয়হি ছাত্ৰ-ছাত্ৰীসকল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই ।
জানিব পৰা মতে, ছিকিমত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীলৈ ঘূৰাই অনাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৬খন বাছ মোতায়ন কৰা হয়। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ছিকিম মণিপাল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল।
উল্লেখ্য যে, যোৱা ৬ অক্টোবৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছিল যে ছিকিমত আবদ্ধ হৈ থকা ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলক উভতাই অনা প্রক্রিয়া চোৱাচিতা কৰিবলৈ দুজন জ্যেষ্ঠ বিষয়াক প্রেৰণ কৰা হৈছিল৷
মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, ছিকিমৰ ৰংপো আৰু মাজিতাৰ অঞ্চলত মুঠ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে।
Discussion about this post