গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক কন্দৰ্প দাসক কনচৰ্টিয়াম অৱ এডুকেচনেল এণ্ড চাইন্টিফিক অৰ্গেনাইজেশ্যনৰ ৰাছিয়ান কাউন্সিলে “ৰাছিয়ান এডুকেচন এণ্ড ছায়েন্সৰ ৰাষ্ট্ৰদূত” সন্মানীয় উপাধিৰে সন্মানিত কৰিছে।
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অধ্যাপক দাসক ভাৰতত ৰাছিয়ান ভাষা, সংস্কৃতি, শিক্ষাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে এই উপাধিৰে সন্মানিত কৰা হৈছে।
মস্কো ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ৰাছিয়ান সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰা অধ্যাপক দাস ৰাছিয়ান অধ্যয়ন, তুলনামূলক সাহিত্য, সাংস্কৃতিক অধ্যয়ন, আৰু মুক্ত আৰু দূৰ শিক্ষাৰ কামৰ বাবে পৰিচিত।
২০২৪ চনৰ ২৭ জুনত কনচৰ্টিয়াম কাউন্সিলৰ বৈঠকৰ সময়ত এই সন্মানীয় উপাধিটো প্ৰদান কৰা হয়। ২০২৪ চনৰ ২৭-২৮ নৱেম্বৰত মস্কোত অনুষ্ঠিত হবলগীয়া আনুষ্ঠানিক সমাৰোহলৈ উপাচাৰ্য কন্দৰ্প দাসক এই সন্মানৰ সৈতে জড়িত স্মাৰক গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।
ইয়াৰ পূৰ্বে উপাচাৰ্য কন্দৰ্প দাসক ২০২৩ চনত ৰাছিয়াই পুষ্কিন পদক প্ৰদান কৰিছিল।
Discussion about this post