Desi Jugaad: সাধাৰণতে ভাৰতীয় লোকসকলক যোগাৰু মানসিকতাৰ অধিকাৰী বুলি আখ্যা দিয়া হ’য়। যিটো বস্তু গ্ৰহণ কৰিবলৈ অক্ষমতাৰ বাবেই সদায় বিকল্প পথৰ সন্ধান কৰা ভাৰতীয় লোক সকলক দেখা পোৱা যায়।
সামাজিক মাধ্যম্যত (Social Media) তেনে যোগাৰু মানসিকতাক প্ৰতিফলিত কৰা এটি বিশেষ ভিডিঅ’ ভাইৰেল ( Viral Video) হৈ পৰিছে। য’ত দেখা পোৱা গৈছে এগৰাকী লোকে তেওঁৰ মটৰ চাইকেলৰ পিছৰ আসনত এটি প্ৰকাণ্ড গৰুক ৰচিৰে বান্ধি নিৰ্দিষ্ট লক্ষ্যৰ দিশে ধাৱমান হৈছে। লগতে গৰুটিয়েও বেছ আৰামাৰে বহি লোকজনৰ সৈতে ৰাজপথত যাত্ৰা কৰি থকা দেখা গৈছে। এই সমগ্ৰ যাত্ৰাৰ কিছু দৃশ্যাৱলী এজন লোকে নিজৰ কেমেৰাত আৱদ্ধ কৰে।
সাধাৰণতে আমি গৰুক চাৰিচকীয়া বাহনত লৈ যোৱা দেখিছো। পোহনীয়া গৰুক দূৰলৈ লৈ যাবলৈ গুডছ কেৰিয়াৰৰ ব্যৱহাৰ কৰে, কিন্তু এজন লোকে গৰুক ৰাস্তাতে লৈ যাবলৈ চাৰিচকীয়া বাহনৰ পৰিৱৰ্তে দুচকীয়া বাহনৰহে সহায় লয়।
Cow is riding on bike, first time, must watch pic.twitter.com/xJlYmGvsfP
— Rajesh Lathigara (@RajeshLathigara) September 18, 2020
চাওক ভিডিঅ’-
ইণ্টাৰনেটত ভাইৰেল এই ভিডিঅ’
এই ভিডিঅ’টোৱে সামাজিক মাধ্যমত এতিয়া হাস্য ৰসৰ যোগান ধৰাই নহয় বিশেষভাৱে চৰ্চিতও হৈছে। পিছে ঘটনাটো ক’ত ,কেতিয়া আৰু কেনেদৰে হৈছিল, সেয়া এই মুহূৰ্তলৈ জানিব পৰা হোৱা নাই।
Photo: Zee News




























Discussion about this post