লক্ষ্ণৌৰ যুৱতীৰ ঘটনাৰ পিছত, কিছুমান লোকে এতিয়া আলোচনা কৰিবলৈ ধৰিছে যে কেনেদৰে কিছুমান মহিলাই ‘মহিলা’ হোৱাৰ সুবিধা লয়। লক্ষ্ণৌৰ ঘটনাটোত যুৱতীগৰাকীয়ে নিৰন্তৰ চৰ(slapped) মাৰি থকা স্বত্বেও, কেব চালকজনে প্ৰত্য়ুত্তৰত একো কৰা নাছিল, আৰু এই সন্দৰ্ভত কেইবাদিনো হুলস্থুলৰ সৃষ্টি হৈছিল।
এতিয়া তেনেকুৱা আন এটা ঘটনা পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশৰ বিজনৌৰত শেহতীয়াকৈ সংঘটিত এক ঘটনাত এজন যুৱকক এগৰাকী যুৱতীয়ে কোনো ভুল নকৰাকৈ কেইবাবাৰো চৰ মাৰিছিল, কিন্তু পিছত যুৱকজনেও যুৱতীগৰাকীক চৰ মাৰি উত্তৰ দিছিল।
যুৱতীগৰাকীয়ে ৰাজপথৰ মাজতে মাৰিলে চৰ
ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে এজন যুৱক আৰু এগৰাকী যুৱতীয়ে ৰাস্তাতে তীব্ৰ বাক-বিতণ্ডা কৰি থকা দেখা গৈছে। ইয়াৰ মাজতে যুৱতীগৰাকীয়ে যুৱকজনক শোধাই প্ৰচণ্ড চৰ।
ইয়াকে লৈ যুৱকজনে কাজিয়া কৰিবলৈ আৰম্ভ কৰে আৰু পিছত যুৱতীগৰাকীয়ে পুনৰ চৰ শোধাই। ইয়াৰ পিছত যুৱতীগৰাকীয়ে যুৱকজনক চৰিয়াবলৈ হাত উঠাই তেতিয়া যুৱকজনে প্ৰত্যুত্তৰত যুৱতীগৰাকীকো দিয়ে পূৰ্ণহতীয়া চৰ।
প্ৰেংক ভিডিঅ’ৰ সময়ত পেলাইছিল ক’ল্ড ড্ৰিংকছ
ভিডিঅ’টোত, যুৱকজনে অভিযোগ উত্থাপ কৰিছে যে সি যেতিয়া ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল তেতিয়া যুৱতীগৰাকীয়ে তাৰ গাত ক’ল্ড ড্ৰিংকছ ঢালি দিছিল। যুৱতীগৰাকীয়ে প্ৰেংক ভিডিঅ’ কৰি থকাৰ সময়ত যুৱকজনৰ দেহত ঢালি দিছিল ক’ল্ড ড্ৰিংকছ।
যেতিয়া যুৱকজনে যুৱতীগৰাকীৰ সৈতে কথা পাতিলে তেতিয়া তাই ক্ষমা খোজাৰ সলনি তৰ্ক কৰিবলৈ আৰম্ভ কৰিছিল আৰু শোধাইছিল চৰ।
যুৱকজনে প্ৰত্যুত্তৰত শোধাইছিল চৰ
ভিডিঅ’টোত যুৱকজনে কোৱা দেখা গৈছে যে, ‘কেৱল আপুনি এগৰাকী মহিলা হোৱাৰ বাবে, আপুনি ভাৱে যে আপুনি যিকোনো কাম কৰিব পাৰে? আমাৰ কি কোনো সন্মান নাই?’ এই সন্দৰ্ভত যুৱতীগৰাকীয়ে তৰ্ক কৰি কয় যে,’তেন্তে কি তুমি মহিলাক চৰ মাৰিবা?’ পিছত যুৱকজনে আশে-পাশে থিয় হৈ থকা লোকসকলৰ সন্মুখত ক’লে, ‘এই মোক তিনিবাৰ চৰ মাৰিছে। মই এজন শিক্ষক।’
চাওক এই ভিডিঅ’টো-
অৱশেষত, যুৱতীগৰাকীয়ে ক’লে- ছৰী
অৱশেষত যুৱকজনে ক’লে, ‘ইয়াক লক্ষ্ণৌৰ দৃশ্য বুলি নাভাবিবা’, ইয়াৰ পিছত যুৱতীগৰাকীয়ে কয় ছৰী। আপোনালোকে ভাবেনে কাৰোবাৰ বাবে লিংগৰ সুবিধা লোৱা আৰু এনেধৰণৰ আচৰণ কৰাটো উচিত? মন্তব্য শাখাত আমাক জনাওক।
Photo: Google
Discussion about this post