আমাৰ সকলোৰে হাতত আজি এটা স্মাৰ্টফোন আছে যাক আমি আমাৰ সকলো কাৰ্যকলাপ আৰু মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰো। আমি আমাৰ ফোনবোৰ নতুন প্ৰযুক্তি আৰু সুবিধাৰ সৈতে আপডেট কৰি ৰাখিবলৈ সময়ে সময়ে আমাৰ ফোন আৰু ফোনত ডাউনলোড কৰা এপছবোৰ আপডেট কৰি থাকো।
এক প্ৰতিবেদন অনুসৰি, এণ্ড্ৰইডৰ কিছুমান স্মাৰ্টফোনত কেইবাটাও এপছ কাম কৰিবলৈ বন্ধ কৰিব যাৰ ফলত ব্যৱহাৰকাৰীৰ ফোনটো কোনো কামত নাহিব। আহক এই বিষয়টো অধিক ভালদৰে জানিবলৈ চেষ্টা কৰো…
বিষয়টো কি?
9to5Googleৰ এক প্ৰতিবেদন অনুসৰি, প্ৰতিগৰাকী এণ্ড্ৰইড(Android) ফোনৰ উপভোক্তা, যিয়ে এণ্ড্ৰইড 2.3.7 বা তাতোকৈ কম সংস্কৰণপ ব্যৱহাৰ কৰি আছে, তেন্তে তেওঁলোকে ২০২১ৰ ২৭ ছেপ্টেম্বৰৰ পৰা তেওঁলোকৰ ফোনত গুগল এপ ব্যৱহাৰ কৰিব নোৱাৰিব। গুগলে এই শ্ৰেণীৰ সকলো ব্যৱহাৰকাৰীলৈ এটা মেইল প্ৰেৰণ কৰিছে য’ত স্পষ্ট কৰা হৈছে যে যিসকল লোকৰ এণ্ড্ৰইড 2.3.7 বা ফোনৰ আগৰ সংস্কৰণ আছে তেওঁলোকে গুগল এপৰ ছাইন-ইন সমৰ্থন হেৰুৱাব।
এতিয়া কি হ’ব?
গুগলে প্ৰেৰণ কৰা মেইলত কোৱা হৈছে যে ২৭ ছেপ্টেম্বৰৰ পিছত, যদি এণ্ড্ৰইড 2.3.7 বা তাতকৈ কম সংস্কৰণ ব্যৱহাৰ কৰা এজন ব্যৱহাৰকাৰীয়ে জিমেইল আৰু ইউটিউবৰ দৰে যিকোনো গুগল সমৰ্থন এপত ছাইন ইন কৰিবলৈ চেষ্টা কৰে, তেন্তে তেওঁৰ ফোনস্ক্ৰীণত ‘‘Username or password error’’ লিখা দেখিব। এই এপবোৰৰ ৱেব সংস্কৰণবোৰেও কাম নকৰিব।
যদি আপুনি ভাৱে যে আপুনি আপোনাৰ ফোনটো ফেক্টৰী ৰিছেট কৰি বা গুগলত এটা নতুন একাউণ্ট সৃষ্টি কৰি আপোনাৰ ফোনত এই এপবোৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব, তেন্তে আমি আপোনাক কওঁ যে এইধৰণেও এপবোৰ আপোনাৰ ফোনত নচলিব।
এপটো পুনৰ Uninstall আৰু ডাউনলোড কৰাটোও ব্যৰ্থ হ’ব। এই সমস্যাটো এৰাই চলিবলৈ মাত্ৰ দুটা উপায় আছে, হয়টো আপোনাৰ ফোন আপডেট কৰক নহ’লে আন এটা নতুন স্মাৰ্টফোন ক্ৰয় কৰক।
Photo: Google
Discussion about this post