আমি প্ৰায়ে দেশ-বিশ্বৰ কাৰাগাৰৰ পৰা কয়দীৰ পলায়নৰ খবৰ শুনিয়ে থাকো। অৱশ্যে, বহুবাৰ আৰক্ষীয়ে সিহঁতক পুনৰ ধৰিবলৈ সক্ষমো হয়, কিন্তু এই কথাটো বিচাৰি উলিওৱা প্ৰয়োজন যে আচলতে সিহঁতে কেনেদৰে পলায়ন কৰিছিল। মহাৰাষ্ট্ৰৰ (Maharashtra) পুনে (Pune) জিলাৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। এটা কয়দী আৰক্ষী থানাৰ পৰা পলাই যাবলৈ (Accused Ran From The Lockup) সক্ষম হৈছিল, কিয়নো সি অত্যন্ত ক্ষীণ আছিল। হয়, পুনেৰ ওচৰৰ পিম্প্ৰি-চিঞ্চৱাডৰ চাকান আৰক্ষী চকীত একেধৰণৰ ঘটনা এটা দেখা গৈছিল।
আৰক্ষী থানাৰ পৰা পলাই গৈছিল কয়দী
এজন কয়দী মহাৰাষ্ট্ৰৰ (Maharashtra) পুনেৰ (Pune) কাষৰীয়া পিম্প্ৰি-চিঞ্চৱাডৰ চাকান আৰক্ষী থানাৰ লক-আপৰ পৰা পলাই গৈছিল। অৱশ্যে, আৰক্ষীয়ে আচৰিত হৈছিল যে তলা বন্ধ থকা স্বত্বেও আৰক্ষী থানাৰ পৰা কেনেকৈ পলাই গৈছিল। সময় থাকোতে আৰক্ষীয়ে কয়দীক পুনৰ আটক কৰে আৰু আৰক্ষী চকীলৈ ঘূৰাই লৈ যায়।
কেমেৰাৰ সন্মুখত কয়দীয়ে দেখুৱালে Live Demo
যেতিয়া কয়দীটোক আৰক্ষীয়ে সুধিছিল যে কাৰাগাৰৰ বাহিৰত তলা থকা স্বত্বেও সি কেনেকৈ বাহিৰলৈ ওলাই আহিল তেতিয়া সি এটা ডেম’ও দেখুৱালে। ভিডিঅ’টো (Viral Video) চোৱাৰ পিছত আপুনিও আচৰিত হ’ব পাৰে। হয়, কয়দীটোৱে এটা লাইভ ডেম’ (Live Demo) দি দেখুৱালে যে লক-আপৰ মাজেৰে সি কেনেকৈ সহজে বাহিৰলৈ ওলাই আহিছিল। মাত্ৰ ৫ ছেকেণ্ডৰ ভিতৰত বাহিৰলৈ ওলাই আহি কয়দীটোৱে আৰক্ষীক হতবাক কৰিছিল।
চাওক Viral Video-
लॉकअप से कैसे निकल कर फरार हुआ था आरोपी..पुलिस ने दिखाया लाइव डेमो..#MaharashtraPolice pic.twitter.com/4BY9NvjQkZ
— Zee News (@ZeeNews) March 22, 2022
যিধৰণে কয়দীটোৱে লক-আপৰ (Lockup)পৰা বাহিৰলৈ ওলাই আহিছিল, সেয়া কেমেৰাত বন্দী কৰিবলৈ আৰক্ষীয়ে কয়দীটোক লাইভ ডেম’ কৰোৱাইছিল। কয়দীটো ক্ষীণ আছিল, যাৰ বাবে অতি সহজতে লক-আপৰ বাহিৰলৈ ওলাই আহিব পাৰিছিল। অৱশ্যে, ঘটনাটোৰ পিছত, আৰক্ষী অধিক সতৰ্ক হৈ পৰে। আৰক্ষীয়ে সকলো আৰক্ষী থানাক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ জাৰি কৰিছে। এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। আচৰিত ভিডিঅ’টো দেখি সকলোৱে আচৰিত হৈ উঠে।
Photo & Video: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-smelly-underarms-7-treatments/7723/
Discussion about this post