Alien: পৃথিৱীত এজনতকৈ আনজন এখোপ চৰা লোক আছে। পৃথক দেখিবলৈ মানুহে যিকোনো কাম কৰি লয়। কিছুমান মানুহে আনকি ধুনীয়া হোৱাৰ আকাংক্ষাত প্লাষ্টিক চাৰ্জাৰীও কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে কোনো লোকৰ এলিয়েন হোৱাৰ উন্মাদনাও থাকিব পাৰে? সেইটোও এনেকুৱা এটা উন্মাদনা যে এলিয়েন হোৱাৰ হেঁপাহত নিজৰ শৰীৰৰ প্ৰয়োজনীয় অংগবোৰো কাটি পেলাব পাৰে।
হয়, এজন ফ্ৰাঞ্চৰ লোকৰ এলিয়েন হোৱাৰ ইমান পাগলামিয়ে মূৰত ধৰিলে যে, তেওঁ এই আৱেগত নাক কাটি পেলাইছিল। কেৱল সেয়াই নহয়, লোকজনে তেওঁৰ হাতৰ কিছুমান আঙুলি আৰু ওপৰৰ ওঁঠো কাটি পেলাই।
ফ্ৰান্সৰ (Franch) এন্থনী লফ্ৰেডো (Anthony Loffredo) বহু আগৰে পৰা এজন এলিয়েন হোৱাৰ বাবে আগ্ৰহী আছিল। যাৰ বাবে তেওঁ আগতে তেওঁৰ মুখৰ অত্যাৱশ্যকীয় অংগবোৰ কাটি পেলাইছিল। এইবাৰ তেওঁ হাতখনক আজৱ মুঠিৰ দেখাবলৈ নিজৰ দুটা আঙুলিও কাটি পেলাই, যাৰ বাবে তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছে। এন্থনি লফ্ৰেডোৱে এজন এলিয়েন হোৱাৰ উন্মাদনাত কি কৰিছে আহক জানো…
৩৩ বছৰীয়া এন্থনী লফ্ৰেডোই (Anthony Loffredo) ইয়াৰ পূৰ্বে নিজৰ নাক, কাণ আৰু ওঁঠ কাটি পেলাইছিল। তেওঁ এতিয়া তেওঁৰ বাওঁ হাতৰ দুটা আঙুলি কাটি পেলাইছে। তাৰ পিছত তেওঁ মেক্সিকোলৈ গৈ এটা অস্ত্ৰোপচাৰ কৰোৱাইছে। কেৱল সেয়াই নহয়, এন্থনিয়ে ইতিমধ্যে এলিয়েন হোৱাৰ আকাংক্ষা পূৰণ কৰিবলৈ তেওঁৰ গোটেই শৰীৰত ক’লা টেটুও কৰিছে।
ক’লা এলিয়েন হোৱাৰ উন্মাদনাত কৰিলে এনেকুৱা অৱস্থা
তেওঁ ‘ক’লা এলিয়েন’ হ’বলৈ বহু কেইটা অস্ত্ৰোপচাৰ কৰোৱাইছে। ইয়াৰোপৰি তেওঁ গোটেই শৰীৰটো টেটুও কৰিছে। কেৱল শৰীৰতেই নহয় চকুতো এটা ক’লা ৰঙৰ টেটু কৰিছে। প্ৰতিবেদন অনুসৰি, তেওঁ আগন্তুক দিনত অধিক অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াৰ জৰিয়তে নিজকে ক’লা এলিয়েনলৈ ৰূপান্তৰিত কৰিব।
এন্থনিয়ে এসময়ত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল কিন্তু তাত তেওঁ সুখী নাছিল কাৰণ তেওঁ এজন ক’লা এলিয়েন হ’ব লগা আছিল। এদিন তেওঁঅনুভৱ কৰিছিল যে তেওঁ যেনেদৰে জীয়াই আছে সেইদৰে জীয়াই থাকিব নালাগে। তাৰ পিছত তেওঁ নিৰাপত্তাৰক্ষীৰ চাকৰি এৰি অষ্ট্ৰেলিয়ালৈ গুচি যায়। য’ত তেওঁ নিজকে সলনি কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া তেওঁ সম্পূৰ্ণৰূপে সলনি হৈছে।
Photo: Amar Ujjala
Discussion about this post