শিশুৱে প্ৰায়ে মাটি (Soil) খায় বা কৌতূহলজনকভাৱে তেওঁলোকৰ সন্মুখত দেখা দিয়া সকলোবোৰ বস্তু মুখত ভৰাবলৈ চেষ্টা কৰে। কেতিয়াবা তেওঁলোকে অদ্ভুত বস্তুও খাই দিয়ে (Weird Things)। অৱশ্যে, বয়স হোৱাৰ লগে লগে এই অভ্যাসবোৰ আঁতৰি যায়। কিন্তু যেতিয়া এটি শিশুৰ মাটি খোৱাৰ অভ্যাস (Soil eating habit) ১৪ বছৰ বয়সলৈকে নাইকিয়া হোৱা নাছিল, তেতিয়া সি আৰু তাৰ পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছিল। তাৰ পিছত যি ঘটিছিল সেয়া আচৰিত কাৰণ সেই কিশোৰটিয়ে এই অভ্যাসৰ পৰা পৰিত্ৰাণ পাবলৈ এক অদ্ভুত কাম কৰি পেলাইছিল।
টুথব্ৰাছ আৰু লোহাৰ গজাল খাবলৈ আৰম্ভ কৰিছিল
পৰিয়ালটোৱে ভাবিছিল যে তাৰ গাত ভূত সোমাইছে। এজন জৰা-ফুকা কৰা লোকে কৈছিল যে, লোহাৰ গজাল (Iron Nails) আৰু টুথব্ৰাছ (Toothbrush) খালে তাৰ মাটি খোৱাৰ অভ্যাস এৰি যাব। ইয়াৰ পিছত কিশোৰটিয়ে টুথব্ৰাছ আৰু লোহাৰ গজাল খোৱা আৰম্ভ কৰিছিল। এই ঘটনাটো উত্তৰ প্ৰদেশৰ (Uttar Pradesh) আৰু কিশোৰটিৰ নাম নাম হৰিশ দেৱী। যেতিয়া কিশোৰীটিৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল তেতিয়া তাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।
অস্ত্ৰোপচাৰ কৰি ওলালে ব্ৰাছ আৰু গজাল
মিৰ’ৰ ইউকে-য়ে প্ৰতিবেদন অনুসৰি কিশোৰটিৰ পেটত অসহনীয় বিষ হোৱাৰ পিছত তাক বাবা ৰাঘব দাস মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল, য’ত চিকিৎসকসকলে পৰীক্ষা কৰিছিল আৰু এক্স ৰে ৰিপৰ্ট দেখি আচৰিত হৈছিল। কিশোৰটিৰ পেটত বহুত বেছি টুথব্ৰাছ আৰু গজাল দেখিবলৈ পোৱা গৈছিল। চিকিৎসকসকলে (Operation) অস্ত্ৰোপচাৰ কৰি তাৰ পেটৰ পৰা ১৬ ডাল টুথব্ৰাছ আৰু ৩ ইঞ্চিৰ দীঘল লোৰ গজাল উলিয়াইছিল। অস্ত্ৰোপচাৰৰ পিছত হৰিষৰ অৱস্থা উন্নত হৈছে আৰু চিকিৎসকসকলে ভাৱে যে শীঘ্ৰে তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিব।
হৰিষৰ মাক-দেউতাকে অনুভৱ কৰিছিল যে ব্ৰাছ আৰু গজাল খোৱাটোৱে তাৰ পৰা ভূতৰ ছাঁ আঁতৰাই দিছিল, সেয়েহে তেওঁলোকে তেওঁক এই সকলোবোৰ খাবলৈ উৎসাহিত কৰিছিল।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/viral-video-of-huge-snake-being-lifted-by-crane/3930/
Discussion about this post