Vastu Tips for Home: যিবোৰ ঘৰত বাহিৰৰ পৰা অহাৰ পিছত মানুহে জোতা (Shoes) নোখোলাকৈ ঘৰত প্ৰৱেশ কৰে, সেইসকল লোকৰ ঘৰত সুখ আৰু শান্তি হ্ৰাস হয়। বাহিৰৰ পৰা অহাৰ পিছত জোতা আৰু চেণ্ডেল আদি থোৱাৰ এক নিৰ্দিষ্ট স্থান থাকিব লাগে। জোতা পিন্ধি কেতিয়াও শোৱনি কোঠালৈ যাব নালাগে। জোতাত শনিৰ প্ৰতিনিধিত্ব থাকে।
ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত ঝাড়ু থ’ব নালাগে, যিসকল লোকৰ ঘৰত এনেকুৱা হয় তেওঁলোকৰ ঘৰৰ মুৰব্বীৰ কোনো কাৰণ নোহোৱাকৈ সৰু-সৰু কথাত চিঞৰিবলৈ ধৰে। ঘৰৰ সদস্যসকলৰ ওপৰত খং কৰে। যদি ঘৰত সুখ আৰু শান্তি নাই, তেন্তে আপোনাৰ ঘৰৰ ঝাড়ু এনে ঠাইত ৰাখিব য’ৰ পৰা দেখা পোৱা নাযায়।
আহাৰ খোৱাৰ পিছত লেতেৰা বাচন ধোৱা স্থানতহে ৰাখিব লাগে। প্ৰায়ে ঘৰসমূহত আহাৰ খোৱা হোৱাৰ পিছত বাচনবোৰ খোৱা স্থানতে এৰি থৈ অহা হয় বা ডাইনিং টেবুলত থৈ অহা হয় পুৱা চাফা কৰিবলৈ। এয়া যিসমূহ ঘৰত হয় সেই ঘৰত ৰাহু,কেতু আৰু শনি গ্ৰহ অসন্তুষ্ট হৈ গুচি যায়।
ঘৰৰ মহিলাসকলে প্ৰতিদিনে ঘিঁৰ চাকি পূজা স্থলত জ্বলাব লাগে। সন্ধিয়া সময়ত কৰ্পূৰ জ্বলাই প্ৰাৰ্থনা কৰিলে ঘৰত ইতিবাচক শক্তি বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।
ঘৰত নিশ্চয়কৈ তুলসী গছ থাকিব লাগে, যিবোৰ ঘৰত তুলসীৰ গছ থাকে, সেইবোৰ ঘৰত সুখ-শান্তি থাকে। নিয়মিতভাবে ঘৰৰ লক্ষ্মীক সন্ধিয়াৰ সময়ত তুলসীৰ কাষত ঘিঁৰ চাকি জ্বলাব লাগে।
(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ অনুমান আৰু তথ্যৰ ওপৰত আধাৰিত।) Khatang Khobor এইটো নিশ্চিত নকৰে।)
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-do-not-pluck-your-white-hair-know-reasons/12324/
Discussion about this post