Vastu Tips for Gift: কাৰোবাৰ ঘৰলৈ গ’লে বা বিশেষ অনুষ্ঠানত উপহাৰ দিয়াৰ এটা নিয়ম আছে। প্ৰায়ে মানুহে তেওঁলোকৰ সামৰ্থ্য অনুসৰি আৰু তেওঁলোকৰ পচন্দ অনুসৰি উপহাৰ দিয়ে। অৱশ্যে, বাস্তু শাস্ত্ৰ অনুসৰি এয়া কৰাটো সঠিক বুলি গণ্য কৰা নহয়। বাস্তু শাস্ত্ৰৰ মতে, কিছুমান উপহাৰ আছে যিবোৰ দিলে নিজৰে ক্ষতি হয়। এনে পৰিস্থিতিত আনক কি উপহাৰ দিয়া উচিত নহয় আহক জানো।
আহক জানো কি কি উপহাৰ (Gift) দিব নালাগে-
১. বাস্তু অনুসৰি ক’লা ৰঙৰ (Black Colour Things) কোনোধৰণৰ উপহাৰ দিয়াটো ভাল বুলি গণ্য কৰা নহয়। ক’লা ৰঙক অশুভতাৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। এনে পৰিস্থিতিত কাকোকে ভুলতেও ক’লা ৰঙৰ কাপোৰ বা আন কোনো বস্তু উপহাৰ হিচাপে দিব নালাগে। ইয়াৰ দ্বাৰা দিয়া আৰু লোৱা দুয়োজনৰে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
২. চেণ্ট, পাৰফিউম (Perfume) প্ৰায়ভাগ মানুহে ভাল পায়। ইয়াৰ সুবাসে মনক আকৰ্ষিত কৰে। মানুহে এই বস্তুবিধ ভালো পায়। এনে পৰিস্থিতিত মানুহে প্ৰায়ে উপহাৰত পাৰফিউম দিব বিচাৰে। অৱশ্যে, বাস্তু শাস্ত্ৰৰ অনুসৰি এনে কৰাটো সঠিক বুলি গণ্য কৰা নহয়। ই নেতিবাচকতা বৃদ্ধি কৰে।
৩. বাস্তু শাস্ত্ৰৰ মতে ৰুমাল (Hanky) উপহাৰ দিচাপে দিয়াটোও অশুভ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে ৰুমাল উপহাৰ দিয়াৰ ফলত সম্পৰ্ক আৰু বন্ধুত্বত বিভেদ আহে আৰু সম্পৰ্ক নষ্ট হয়। এনে পৰিস্থিতিত প্ৰয়োজনীয় মানুহক কেতিয়াও ৰুমাল উপহাৰ হিচাপে নিদিব।
৪. কাকোকে কেতিয়াও পানীৰ উপাদানৰ (Water Element Gifts) সৈতে সম্পৰ্কিত উপহাৰ দিব নালাগে। যেনে একুৰিয়াম, মাছৰ থকা বাউল, ফাউণ্টেইন। বাস্তু শাস্ত্ৰৰ মতে এনে কৰিলে আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৫. প্ৰায়ে মানুহে ডাঙৰ ডাঙৰ অনুষ্ঠানত সোণ বা ৰূপৰ মুদ্ৰা (Gold And Silver Coin) উপহাৰ হিচাপে দিয়ে। বিশেষকৈ যিবোৰ মুদ্ৰাত ভগৱান গণেশ আৰু মা লক্ষ্মীৰ ছবি অঁকা থাকে, এনে মুদ্ৰা দিয়াটো শুভ বুলি গণ্য কৰা হয়। কিন্তু তেনেকুৱা কোনো কথা নাই। বাস্তুৰ মতে, সোণ বা ৰূপৰ মুদ্ৰা য’ত লক্ষ্মী আৰু গণেশৰ ছবি অংকন কৰা থাকে, সেইবোৰ উপহাৰ হিচাপে দিব নালাগে।
(Disclaimer: ইয়াত প্ৰদান কৰা তথ্য সাধাৰণ অনুমান আৰু তথ্যৰ ওপৰত আধাৰিত। Khatang Khobor য়ে এইটো নিশ্চিত নকৰে।)
Photo: Google
Discussion about this post