Liquor in Dream Meaning:-
সপোনত সুৰাৰ দোকান দেখা পালেঃ যদি আপুনি সপোনত সুৰাৰ (Liquor) সম্পূৰ্ণ এখন দোকান দেখা পাইছে তেন্তে এই সপোনটো শুভ বুলি ক’ব নোৱাৰি। ই আহিবলগীয়া সময়ত আপোনাক আৰ্থিক লোকচান হোৱাৰ ইংগিত দিয়ে।
সপোনত সুৰাপান কৰা দেখিলেঃ ইফালে সপোনত নিজকে সুৰাপান (Liquor) কৰা আৰু পাৰ্টি কৰা দেখাটো এটা ভাল ইংগিত। ই এই কথাটো কয় যে আপুনি আগন্তুক সময়ত কিবা এটা প্ৰাপ্ত কৰিবলৈ গৈ আছে। এয়া ধন লাভৰো ইংগিত হয়।
সপোনত গোপনে সুৰাপান কৰাঃ যদি সপোনাত আপুনি নিজকে গোপনে সুৰাপান কৰা দেখা পাই তেন্তে ইয়াক ভাল বুলি গণ্য কৰা নহয়। ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ মনত এক নেতিবাচক পৰিকল্পনা চলি আছে বা এক দমন কৰা আকাংক্ষাই কুঠাৰ মাৰি আছে কিন্তু আপুনি ইয়াক পূৰণ হোৱাৰ আশা কৰা নায়।
সপোনত বন্ধু-বান্ধৱীক সুৰাপান কৰা দেখিলেঃ সপোনত বন্ধুবৰ্গক সুৰাপান কৰা দেখাটো এটা ভাল ইংগিত। এইটো আপুনি বন্ধুবৰ্গৰ পৰা পোৱা গুৰুত্বপূৰ্ণ সহায়ৰ লক্ষণ। বা আপুনি বন্ধুবৰ্গৰ পৰা যথেষ্ট লাভান্বিত হ’ব।
সপোনত নিজই সুৰা পেলাই দিয়া দেখিলেঃ যদি আপুনি নিজকে সপোনত সুৰা পেলাই দিয়া দেখা পাইছে তেন্তে ই এক প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ লক্ষণ। ই লক্ষ্যৰ দিশত আৰু ইয়াক প্ৰাপ্ত কৰাৰ দিশত এটা দ্ৰুত পদক্ষেপো সূচায়।
Photo: Google




























Discussion about this post