পিঁয়াজ (Onion) খাবলৈ যিমান সুস্বাদু, কটাৰ সময়ত সিমানে কন্দোৱাই। অৱশ্যে, পাচলিৰ সোৱাদ বৃদ্ধি কৰিবলৈ পিয়াজৰ অৱদান গুৰুত্বপূৰ্ণ। কিন্তু যদি কাৰোবাক পিঁয়াজ কাটিবলৈ কোৱা হয় তেওঁ তাৰ পৰা দৌৰি ফুৰে। দৰাচলতে, সকলোৱে জানে যে পিঁয়াজত পোৱা এনজাইমৰ বাবে আমাৰ চকুৰ পৰা চকুপানী ওলাই আহে। কিন্তু এতিয়া আপুনি পিয়াজ কাটি থাকোঁতে কান্দিব নালাগিব। কাৰণ আমি আপোনালোকক এনে কিছুমান ঘৰুৱা প্ৰতিকাৰ কৈ আছো (Best tips cut onion without tears)। যাৰ জৰিয়তে আপুনি পিয়াজ কাটি থাকোঁতে কান্দিব (Cut Onion Without Tears) নালাগে।
পিঁয়াজ কটাৰ ২ ঘণ্টা আগতে ৰাখক ফ্ৰীজত
যদি আপুনিও পিঁয়াজ কটাৰ পূৰ্বে কিছু সময়ৰ বাবে পিঁয়াজখিনি ভিনেগাৰত ঢালি থৈ দিয়ে তেন্তে ইয়াক কটাৰ সময়ত আপোনাৰ চকুৰ পৰা চকুপানী নোলাব। লগতে, পিঁয়াজ কটাৰ আগতে ২ বা ৩ ঘণ্টাৰ বাবে ফ্ৰীজাৰত ৰাখি থ’ব। দৰাচলতে, এই প্ৰক্ৰিয়াৰ সময়ত পিঁয়াজৰ পৰা মুকলি হ’বলগীয়া এনজাইম কম পৰিমানত ওলাব। এনে পৰিস্থিতিত, যেতিয়া আপুনি পিঁয়াজ কাটিব, আপোনাৰ চকুৰ পৰা চকুপানী নোলাব।
পিঁয়াজক ওপৰৰ পৰা নহয় শিপাৰ ফালৰ পৰা কাটক
এই কথাটো মনত ৰাখিব যে পিঁয়াজ কাটি থাকোঁতে ইয়াক ওপৰৰ অংশৰ পৰা নহয় শিপাৰ ফালৰ পৰা কাটিব। পিঁয়াজ কাটিবলৈ চোকা ধাৰ থকা চাকু ব্যৱহাৰ কৰিব যাতে পিঁয়াজ সোনকালে কটা হয়। এনে কৰিলে আপোনাৰ চকুৰ পৰা কম পানী ওলাব।
পিঁয়াজ কাটি থাকোঁতে নেমুৰ ব্যৱহাৰ কৰক
সাধাৰণতে সকলোৰে ঘৰত সহজে উপলব্ধ নেমু পিঁয়াজ কটাৰ সময়ত যথেষ্ট সহায়ক বুলি প্ৰমাণিত হয়। যিখন চাকুৰে আপুনি পিঁয়াজ কাটিব সেইখন চাকুত অলপমান নেমুৰ ৰস লগাই লওঁক। এনে কৰিলে আপোনাৰ চকুপানী নোলাব। ইয়াৰ লগতে আপুনি পিঁয়াজ কটাৰ সময়ত যদি হুহৰি বজাই তেন্তে আপোনাৰ চকুৰ পৰা পানী নোলাব। ইয়াৰ কাৰণ হৈছে হুহৰি বজোৱাৰ সময়ত আপোনাৰ মুখৰ পৰা বতাহ ওলাই যিয়ে এনজাইম আপোনাৰ ওচৰলৈ যাব নিদিয়ে।
এই পদ্ধতিবোৰো ব্যৱহাৰ কৰক
পিঁয়াজ কাটি থাকোঁতে মমবাতি বা চাকি জ্বলাওক। এনে কৰিলে পিঁয়াজৰ পৰা ওলাই অহা গেছ মমবাতি বা চাকিৰ ফালে যাব আৰু এনেদৰে আপোনাৰ চকুৰ পৰা চকুপানী নোলাব। ইয়াৰ বাহিৰেও, পিঁয়াজ কাটি থাকোঁতে, যদি আপুনি মুখেৰে এটুকুৰা ব্ৰেড চোবাই থাকে তেতিয়াও আপোনাৰ চকুপানী নোলাব। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি পিঁয়াজখিনিক কিছু সময়ৰ বাবে বতাহ বা ৰদত ৰাখক। এনে কৰিলেও পিঁয়াজ কাটি থাকোঁতে আপোনাৰ চকুপানী নোলাব।
Photo: Google
Discussion about this post