ৰাতিপুৱা খালী পেটত তামৰ পাত্ৰত (Copper Pot) পানী খোৱাৰ লাভালাভ
স্বাস্থ্যৱান শৰীৰৰ বাবে তাম এক অত্যাৱশ্যকীয় খনিজ। যি আইৰনৰ সৈতে মিলি তেজ, ৰোগ প্ৰতিৰোধ ক্ষমতা, স্নায়ুতন্ত্ৰ আৰু হাড় স্বাস্থ্যৱান ৰখাত সহায় কৰে। আপুনি তামৰ পাত্ৰত (Copper Pot) গোটেই নিশাটো বা কমেও ৮ ঘণ্টা পানী থৈ দিয়ক আৰু পুৱা উঠি খালী পেটত এই পানী খাওঁক।
ই পানী পৰিষ্কাৰ কৰে
পানী পৰিষ্কাৰ কৰাত তাম উপকাৰী বুলি গণ্য কৰা হয়। বিজ্ঞানে কৈছে যে কপাৰ অৰ্থাৎ তামত বেক্টেৰিয়া নাশ কৰা এণ্টিবেক্টেৰিয়েল গুণ পোৱা যায়। যেতিয়া আপুনি তামৰ পাত্ৰত (Copper Pot) পানী ৰাখে, তেতিয়া তামে পানীত থকা ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰ কৰি পানী বিশুদ্ধ কৰে।
গাঁঠি-আঁঠুৰ বিষৰ পৰা সকাহ
যদি আপোনাৰ গাঁঠি বা আঁঠুত বিষ হয়, তেন্তে খালী পেটত তামৰ পাত্ৰত ৰখা পানী খাওঁক। কিয়নো, তামত প্ৰদাহ-প্ৰতিৰোধী (Anti-inflammatory) গুণাগুণ থাকে। যি শৰীৰত বিষ সৃষ্টিকাৰী প্ৰদাহ দূৰ কৰাত আৰু গাঁঠি আৰু আঁঠুৰ বিষ উপশম কৰাত সহায় কৰে।
ওজন হ্ৰাস কৰাত সহায়ক
শৰীৰত চলি থকা চৰ্বি বিপাকৰ (Fat Metabolism) বাবে তাম অতি গুৰুত্বপূৰ্ণ। তামে চৰ্বি কোষবোৰ (Fat Cells) ভাঙি শক্তিলৈ ৰূপান্তৰ কৰে। সেয়েহে, ৰাতিপুৱা তামৰ পাত্ৰত পানী খোৱা ওজন হ্ৰাস কৰাত উপকাৰী। ওজন হ্ৰাস যাত্ৰাত থকা লোকসকলে নিশ্চিতভাৱে তামৰ পাত্ৰত ৰখা পানী খাব লাগে।
মগজুৰ বাবে স্বাস্থ্যকৰ
মগজুৰ বাবে তাম অতি গুৰুত্বপূৰ্ণ। কিয়নো, তামে মগজুত থকা নিউৰোট্ৰেন্সমিটাৰবোৰ (Neurotransmitter) নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই আপোনাক কেৱল পাৰ্কিনছন, আলঝেইমাৰৰ দৰে মগজুৰ ৰোগৰ পৰা আঁতৰাই ৰাখে, লগতে স্মৃতিশক্তিও শক্তিশালী কৰে।
Photo: Google
Discussion about this post