Side effects of eating banana: কল (Banana) এনেকুৱা এবিধ ফল যি শৰীৰক যথেষ্ট শক্তি প্ৰদান কৰে। অৱশ্যে, যদি আপোনাৰ শ্বাস-প্ৰশ্বাসৰ ৰোগ বা কাহ বা চৰ্দি হৈ আছে, আপুনি ঠাণ্ডা বতৰত নিশা কল (Banana) খোৱাটো পৰিহাৰ কৰিব লাগে, কিয়নো শ্লেষ্মা বা কফৰ সংস্পৰ্শলৈ আহিলে ই জ্বলা-পোৰা কৰে। যদি আপোনাৰ চাইনাছৰ সমস্যা আছে তেন্তে কলৰ (Banana) পৰা নিজকে আঁতৰাই ৰাখক বা সীমিত পৰিমাণত খাওক।
যিসকল লোকৰ এনে কোনো স্বাস্থ্যজনিত সমস্যা নাই তেওঁলোকে এই বতৰত একেবাৰে কল খোৱা পৰিহাৰ কৰিব নালাগে। বিশেষজ্ঞসকলৰ এই মতামতৰ আঁৰৰ কাৰণ কি আহক জানো।
কলত পোৱা পুষ্টি
কলত সকলো অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ থাকে যেনে পটাছিয়াম, কেলচিয়াম, মেংগানিজ, মেগনেছিয়াম, লো, ফোলেট, নিয়াচিন, ৰাইবোফ্লেভিন আৰু বি৬। এই সকলোবোৰ পুষ্টি স্বাস্থ্যকৰ আৰু শৰীৰৰ অংগ স্বাস্থ্যৱান কৰি ৰাখে।
কল খোৱাৰ অত্যাধিক লাভালাভ (Amazing benefits of eating banana)
১. হাড়ৰ বাবে কল উপকাৰী
শীতকালত হাড়ৰ সৈতে জড়িত সমস্যা বৃদ্ধি হয়। এই সময়ত কেলচিয়াম সমৃদ্ধ কল খাওক, যিয়ে কেলচিয়াম প্ৰদান কৰিব, যি হাড়ৰ ঘনত্ব বজাই ৰাখে আৰু সেইবোৰ শক্তিশালী কৰে।
২. কলে ওজন নিয়ন্ত্ৰণ কৰে
কলে ওজন নিয়ন্ত্ৰণ কৰে। কাৰণ ই দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োধৰণৰ আঁহেৰে সমৃদ্ধ। দ্ৰৱণীয় আঁহৰ হজম হ্ৰাস কৰাৰ প্ৰৱণতা থাকে। ই পেটটো দীঘলীয়া সময়ৰ বাবে ভৰি থকা অনুভৱ কৰায়। গতিকে সঘনাই ভোক নালাগে আৰু ওজন নিয়ন্ত্ৰণ কৰি ৰাখে।
৩. কল হৃদযন্ত্ৰৰ বাবে অত্যন্ত উপকাৰী
এক অধ্যয়ন অনুসৰি, আঁহ সমৃদ্ধ খাদ্যই হৃদৰোগ আৰু কৰোনেৰী ধমনীৰ পৰা সুৰক্ষা দিয়ে। কলত থকা পটাছিয়ামে হৃদস্পন্দনৰ হাৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
৪. ভাল টোপনিৰ সহায়ক
সন্ধিয়া সয়মত কল খোৱাটো এটা ভাল অভ্যাস। পটাছিয়াম সমৃদ্ধ কল এটাই এদিনৰ ভাগৰৰ পিছত পেশীবোৰ শিথিল কৰাত সহায় কৰে। সন্ধিয়া পলমকৈ এটা বা দুটা কল খোৱাটোৱে ভাগৰ উপশম কৰে আৰু টোপনি অহাত সহায় কৰে।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/10-month-old-baby-died-for-fire-at-hojai/5453/
Discussion about this post